টেষ্ট এটলাছৰ তথ্য অনুসৰি ২০২২ চনৰ শ্ৰেষ্ঠ খাদ্যৰ তালিকাত বিশ্বৰ ভিতৰত ভাৰতৰ লাভ কৰিছে পঞ্চম স্থান। দৰ্শকৰ ভোটৰ ওপৰত ভিত্তি কৰি এই ৰেংকিং কৰা হয়। আৰু এই ৰেটিঙত ৪.৫৪ পইণ্ট লাভ কৰি পঞ্চম স্থানত আছে ভাৰত।
উল্লেখ্য যে ৫০খন দেশক লৈ এই তালিকাখন প্ৰস্তুত কৰা হৈছিল। ইটালীৰ খাদ্যই লাভ কৰিছে প্ৰথম স্থান । দ্বিতীয় স্থানত আছে গ্ৰীচ, তৃতীয় স্থানত স্পেইন আৰু চতুৰ্থ স্থানত আছে জাপান। ভাৰতীয় খাদ্যই বিশ্বৰ ভিতৰতে শীৰ্ষ ৫-ত স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে ভাৰতীয় লোকসকল।
Category
- Log in to post comments