
টেঙামৰা আমাৰ সকলোৰে পৰিচিত শাক।সকলোতে উপলব্ধ এই গুল্মজাতীয় শাকবিধ।টেঙামৰাৰ আছে বহুতো ঔষধি গুণ। জানো আহক টেঙামৰাৰ কি কি ঔষধি গুণ আছে-
১)টেঙামৰা পাতৰ ৰসে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
২)টেঙামৰাই নিম্ন ৰক্তচাপত নিয়ন্ত্ৰণতো সহায় কৰে।
৩)টেঙামৰা বীজৰ ৰসে আভোক দূৰ কৰে।
৪)শুকান টেঙামৰা ফলৰ ৰঙা পাহি পানীত সিজাই সঘনাই খালে তেজগ্ৰহণী ভাল হয়।
৫)টেঙামৰা পাতৰ ৰসে পেটৰ বিষ উপশম কৰে।
৬)টেঙামৰাই আমাৰ দেহৰ বেক্টেৰিয়া ৰোধ কৰাত সহায় কৰে।
৭)টেঙামৰাত ভিটামিন চি অধিক পৰিমানে থাকে বাবে শৰীৰৰ বাবে উপকাৰী।
৮)টেঙামৰাৰ পাত জোল ৰান্ধি খালে স্নায়ু সবল হয়।
৯)টেঙামৰাই দৃষ্টিশক্তি বঢ়াত সহায় কৰে।
১০)টেঙামৰাই হৃদৰোগ প্ৰতিৰোধ কৰে।
১১)টেঙামৰা খালে গাৰ ছাল নিমজ হয়।
- Log in to post comments