আজি বিশ্ব এইডছ দিৱস, কি উদ্দেশ্যৰে পালন কৰা হয় এই দিৱস?

World AIDS Day

আজি বিশ্ব এইড্ছ দিৱস। এইড্ছ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ লক্ষ্যৰে সমগ্ৰ বিশ্বই আজি পালন কৰিছে বিশ্ব এইড্ছ১৯৮৮ চনৰ পৰা পালন কৰা এই দিৱস এইড্‌ছৰ দেশব্যাপ্তিৰ প্ৰতি সজাগতাৰ বাবে আৰু এই ৰোগত ভুগি মৃত্যু বৰণ কৰাসকললৈ সমৰ্পণ কৰা হয় এই দিৱস।সমগ্ৰ পৃথিৱীজুৰি চৰকাৰ, স্বাস্থ্যকৰ্মী, বেচৰকাৰী সংস্থা আদিয়ে এই দিৱস পালন কৰি এইড্‌ছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ শিক্ষা প্ৰসাৰ কৰে।

ৰাজ্যভিন্ন প্ৰান্ততো পালন কৰা হৈছে বিশ্ব এইড্ছ দিৱসৰ কাৰ্যসূচী। অসম ৰাজ্যিক এইড্ছ নিয়ন্ত্ৰণ কমিটী আৰু GMCHৰ সহযোগত পুৱাতে উলিওৱা হয় এক বিশাল ৰেলী। এই ৰেলীত অংশগ্ৰহণ কৰে মহানগৰীৰ ২৫খনকৈ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে।

Category