হিট নে ফ্লপ বৰুণ ধবনৰ 'ভেড়িয়া'?

Bhediya

শেহতীয়াভাৱে ছবিগৃহত মুক্তি পালে বৰুণ ধবন আৰু কৃতি চেনন অভিনীত ছবি ‘ভেড়িয়া’। ‘ভেড়িয়া’ই দৰ্শকৰ পৰা লাভ কৰিছে বহু সমাদৰ তথা সহাঁৰি। পুনৰ বৰুণ ধবনে ‘ভেড়িয়া’ত দেখুৱালে উৎকৃষ্ট প্ৰদৰ্শন। অনুৰাগীসকলে ছবি চাই ক’লে ‘মাষ্টাৰপীচ’। ছবি চাই আপ্লুত হৈ বহুজনে কৰিলে টুইট। টুইটযোগে বিভিন্নজনে দিলে ভিন্ন মন্তব্য। কোনোৱে ক’লে ‘ভেড়িয়া মেগা এন্টেইটেইনাৰ’। আন কোনোৱে ক’লে ‘ভেড়িয়া ফানী, আশ্চৰ্যজনক’। ছবিৰ লগতে বলিউডৰ জনপ্ৰিয় অভিনেতা বৰুণ ধবনকো দৰ্শকে কৰিলে প্ৰশংসা। ভেড়িয়াক মাষ্টৰপীচ বুলি কৈ ২০২২ চনৰ শ্ৰেষ্ঠ ছবি বুলি অভিহিত কৰাৰ লগতে এই ছবিখনত বৰুণ ধবনে দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ৰাষ্ট্ৰীয় বঁটাও প্ৰদান কৰিব লাগে বুলি প্ৰশংসা কৰি কয় সামাজিক মাধ্যমযোগে। লগতে ক’লে ‘বৰুণ ধবনৰ ভেড়িয়া হিট’। তদুপৰি ছবিখনে পালে পজিটিভ ৰিভিউ। মুঠতে বস্ক অফিচত হিট এইবাৰ ভেড়িয়া। ৭ দিনত ছবিখনে উপাৰ্জন কৰিলে ১০০ কোটিৰো অধিক।

Category
Profile picture for user UB Photos