বলীউডত আৰু এখন বিয়া! শীঘ্ৰেই বিয়াত বহিব মালাইকা-অৰ্জুন!

Malaika Arora Wedding

বলীউডত চলিছে বিয়াৰ বতৰ। বলীউডৰ চৰ্চিত যুঁটি মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰৰো শীঘ্ৰেই হ'ব পাৰে বিয়া। কাৰণ মালাইকা অৰোৰাৰ ইনষ্টাগ্ৰাম পোষ্টে এই কথাৰে ইংগিত দিছে ।মালাইকাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত নিজৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে, I said YES (মই হা বুলি ক'লো)। এই কেপচনৰ লগত তেওঁ তিনিটা লাভ ইমজীও দিছে। অৰ্থাৎ ইয়াৰ পৰা স্পষ্ট যে মালাইকাই অৰ্জুনক বিয়াৰ বাবে ‘হা’ বুলি কৈছে। এই ফটোখনত মালাইকাক ক’লা সাজ পিন্ধি লাজুকীয়া প’জ দিয়া দেখা গৈছে। এই পোষ্টটোৰ পিছত অনুৰাগীসকলেও এটা কথা জানিবলৈ ব্যগ্ৰ হৈ পৰিছে যে এই দম্পতীৰ বিবাহৰ তাৰিখ কেতিয়া? একাংশ অনুৰাগীয়ে মালাইকাৰ এই পোষ্টটোকলৈ অভিনন্দন জনাইছে।
উল্লেখ্য যে অৰ্জুন কাপুৰৰ মালাইকা অৰোৰাৰ লগত বহুদিনৰ পৰা সম্পৰ্ক আছে। দুয়োজনে প্ৰায়ে একেলগে সময় কটোৱা দেখা যায়। অৰ্জুনৰ জন্মদিনত ৰোমান্টিক পোষ্ট শ্বেয়াৰ কৰি মালাইকাই ২০১৯ চনত আনুষ্ঠানিকভাৱে এই প্ৰেমৰ সম্পৰ্কৰ কথা ঘোষণা কৰিছিল। প্ৰায়ে দুয়োজনে তেওঁলোকৰ ৰোমাণ্টিক ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থাকে। এতিয়া অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে তেওঁলোকৰ বিবাহৰ বাবে।

Category
Profile picture for user UB Photos