উত্তৰ প্ৰদেশৰ লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা! বাছৰ ভিতৰতে মৃত্যু ৮জনকৈ লোকৰ

Road Accident

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত আজি পুৱা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। বিপৰীত দিশৰ পৰা অহা এখন যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুওৱাই ৮ গৰাকীকৈ লোকে। লগতে গুৰুতৰভাৱে আহত হয় ১২ গৰাকীকৈ লোক। লখিমপুৰৰ খেৰীৰ শাৰদা নদীৰ ওপৰত থকা এখন দলঙৰ ওপৰত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো।

 

উল্লেখ্য যে ধৌৰহাৰাৰ পৰা লখিমপুৰ অভিমুখী আহি আছিল বাছখন। প্ৰায় ৫০ গৰাকী যাত্ৰী কঢ়িয়াই আনিছিল বাছখনে। পুৱা প্ৰায় ৭:৩০ বজাত দলংখনৰ ওপৰতে বাছ আৰু ট্ৰাকখনে মুখামুখিকৈ খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো। ঘটনাটোত বাছখনৰ ভিতৰতে আঠগৰাকী লোকৰ মৃত্যু হয়। আনহাতে আহতসকলক তাত্‍ক্ষণিকভাৱে কাষৰ স্বাস্থ্য কেন্দ্ৰত চিকিত্‍সাৰ বাবে ভৰ্তি কৰোৱা হয়।

 

আহতসকলৰ ভিতৰত ১২ গৰাকী ব্যক্তিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। বৰ্তমান আহতসকলক লখিমপুৰ জিলা চিকিত্‍সালয়ত চিকিত্‍সা কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে স্থানীয় কৰ্তৃপক্ষই। দুৰ্ঘটনাৰ পাছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিহত সকলৰ প্ৰতি দুখ প্ৰকাশ কৰি স্থানীয় প্ৰশাসনক জৰুৰীকালীনভাৱে ঘটনাস্থলীত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে।

Category
Profile picture for user UB Photos