ৰাজ্যত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ

corona virus

ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। মঙলবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ২১০ গৰাকী লোক।

বিগত ২৪ ঘন্টাত ক’ভিড পজিটিভিটী ৰেট ১০.১৪ শতাংশ। গুৱাহাটী মহানগৰীত মঙলবাৰৰ দিনটোত ৯৮গৰাকী লোক আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে।

দেশৰ লগতে অসমটো উদ্বেগজনক ভাৱে ক’ভিডৰ সংক্ৰমণ পুনৰবাৰ বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে ৰাজ্যবাসী৷ মহানগৰীকে ধৰি কামৰূপ গ্ৰাম্যত ২৬ গৰাকী, ডিব্ৰুগড়ত ১৯, দৰঙত ১৮ গৰাকীকৈ লোক আক্ৰান্ত হৈছে ক’ভিডত।

বৰ্ধিত কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ক’ভিড চিকিৎসালয়সমূহক পুনৰ সাজু কৰি তোলা হৈছে। সকলোকে ক’ভিড নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান ৰাজ্য চৰকাৰৰ ৷

Category