আলফা(স্বাঃ)ৰ সেনাধ্যক্ষক ক্ষমা খুজি বিপদত মন্ত্ৰী সঞ্জয় কিষাণ, কি নতুন বিপদে দেখা দিছে মন্ত্ৰীগৰাকীৰ সন্মুখত?

assam-cm-issues-show-cause-notice-to-minister-sanjay-kishan

বিপদত মন্ত্ৰী সঞ্জয় কিষাণ। কিছুদিন পূৰ্বে আলফা(স্বাঃ)ৰ সেনাধ্যক্ষক ক্ষমা খোজাৰ পিছত সঞ্জয় কিষাণৰ সন্মুখত দেখা দিছে নতুন বিপদে। কিয়নো এইবাৰ মন্ত্ৰীগৰাকীক লৈ নাৰাজ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

 

মন্ত্ৰী সঞ্জয় কিষাণক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ মুখ্যমন্ত্ৰীৰ। পৰেশ বৰুৱাক ক্ষমা খোজা ঘটনা সন্দৰ্ভত এসপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী দিব লাগিব মন্ত্ৰী কিষাণে। 

 

উল্লেখ্য যে, পৰেশ বৰুৱাক সমালোচনা কৰাৰ পিছতে কিষাণক সকীয়নি দিছিল আলফাই। ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা নুখুজিলে মন্ত্ৰীজনক বৰ্জনৰ ঘোষণা কৰিছিল পৰেশ বৰুৱাই। ডিব্ৰুগড়-তিনিচুকীয়াত কিষাণক বৰ্জন কৰা হ’ব বুলিও কৰা হৈছিল ঘোষণা। পৰৱৰ্তী সময়ত পৰেশ বৰুৱাক মন্ত্ৰীগৰাকীয়ে ক্ষমা খুজিছিল যদিও শুকুৰবাৰে, মুখ্যমন্ত্ৰীয়ে সঞ্জয় কিষাণক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ বাবে আহ্বান জনায়। অৱশ্যে, পৰৱৰ্তী সময়তে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব।

Category
Profile picture for user UB Photos