তেজপুৰত নৱ-নিৰ্বাচিত পৌৰসভাৰ উচ্ছেদ অভিযান!

Tezpur GMC

ৰাস্তাৰ দাঁতিকাষৰ ফুটপাথত অবৈধভাবে দোকানসমূহ বহুৱাৰ বাবে আজি পৌৰ-সভা বৰ্ডে শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলায় নৱ-নিৰ্বাচিত পৌৰসভাই।

ফুটপাথৰ দোকানী সমূহে নিজৰ নিজৰ দোকান সমূহ মূল পথলৈ বঢ়াই তোলাত সাধাৰণ ৰাইজ তথা পথেদি যান- বাহন চলাচলত সৃষ্টি হোৱা যান-যটৰ সন্দৰ্ভত পৌৰ নিগমৰ কাৰ্যবাহী বিষয়া বৰষা তালুকদাৰে কয়।

নৱ-নিবাৰ্চিত পৌৰ সভাই প্ৰথম পষকেত দায়িত্ব গ্ৰহণ কৰিয়েই যিসমূহ দোকানে ফুটপাথটো দখল কৰাৰ উপৰিও ৰাস্তালৈকে বেদখল কৰি ৰাখিছে সেই সমূহ দোকান উচ্চেদ কৰাৰ অভিযান আৰম্ভ কৰিছে বুলি তেজপুৰৰ চক্ৰ বিষয়া পংকজ বৰাই কয় ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে লগতে কয় যে এই দোকান সমূহে সাধাৰণ ৰাইজক বিমোৰত পেলাইছে, চহৰলৈ অহা ৰাইজ ফুটপাথেদি খোজ কাঢ়ি যোৱাৰ পথেই এই দোকান সমূহে বন্ধ কৰি তুলিছে।

TEZPUR

যাৰ ফলত যান-বাহন চলাচলত ব্যাপক যান-যটৰ সৃষ্টি হৈছে। গতিকে আজি পৌৰসভা ব'ৰ্ডে এই অভিযান হাতত লয় যাতে ৰাইজৰ সুবিধা হয়। 

আনহাতে,তেজপুৰৰ যান-বাহন ৰখা পাৰ্কিং স্থলীৰ এলেকা বঢ়োৱা তথা চপিং মল সমূহ থকা যিসমূহ এলেকা যান- বাহন যধে-মধে ৰখা বাবে মূল পথত অসুবিধাৰ সৃষ্টি হৈছে সেইবোৰ No Parking Zone ঘোষণা কৰা সম্পৰ্কত তেজপুৰৰ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে কয়।

Category
Profile picture for user UB Photos