অপৰাধৰ ৰম্যভূমি মহানগৰীত ৩ পাষাণৰ কামনাৰ বলি কাৰ্বি পাহাৰৰ যুৱতী...

Guwhati Hatigaon incident

মহানগৰীত পুনৰ জঘন্য কাণ্ড। অপৰাধে জুৰুলা কৰা মহানগৰীৰ হাতীগাঁৱত পুনৰ ধৰ্ষণ। দলবদ্ধ ধৰ্ষণৰ বলি এগৰাকী কাৰ্বি যুৱতী। ৩ লম্পটে উপৰ্যুপৰি ধৰ্ষণ কৰে যুৱতীগৰাকীক।

 

এই ঘটনা সংঘটিত হৈছে হাতীগাঁৱৰ নীলকমল পথৰ হাউছ নং ২৪ত। ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে কাৰ্বি আংলংঙৰ পৰা মহানগৰীলৈ লৈ অনা হৈছিল যুৱতীগৰাকীক। কৰ্ম সংস্থাপন দিয়াৰ বাবে লৈ অহা কাৰ্যালয়টো আছিল পূবেৰুণ পথত।

 

ইতিমধ্যে, আৰক্ষীৰ জালত পৰিছে ধৰ্ষণকাৰী ৩ যুৱক। শুকুৰবাৰে, গ্ৰেপ্তাৰ কৰা হয় নাইমুদ্দিন আলী, মুকুল ইছলাম, আশ্ৰাফুল আমিনক। ইতিমধ্যে ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষীয়ে অভিযুক্ত তিনি যুৱকৰ লগতে লম্পট যুৱকে কাম কৰা প্ৰতিষ্ঠানটোৰ মালিককো গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ জালত স্বত্বাধিকাৰী ৰফিক। ধৃত তিনি যুৱকৰ ঘৰ দৰং আৰু বৰপেটাত।

Category
Profile picture for user UB Photos