পৰম্পৰা ৰক্ষা কৰি কংক্ৰিটৰ মহানগৰীতো আজি উলহ মালহেৰে গৰু বিহু‌ উদযাপন

Rongali Bihu

পৰম্পৰা ৰক্ষা কৰি কংক্ৰিটৰ মহানগৰী সাতগাওঁ অঞ্চলটো আজি উলহ মালহেৰে গৰু বিহু‌ উদযাপন কৰা হয়।

আজি গৰু বিহু। অতীজৰ পৰম্পৰা ৰক্ষা কৰি বিগত বৰ্ষৰ দৰে সাতগাওঁ আঞ্চলিক ৰঙালী ন-বিহু সন্মিলনৰ উদ্যোগত আজি সাতগাওঁ হাই স্কুল খেল পথাৰত এইবাৰো উলহ মালহেৰে উদযাপন কৰা হয় গৰু বিহু। পুৱাই মাহ হালধীৰে ঘৰৰ গৰু কেইটাক প্ৰতিকী ৰূপত নোৱাই ধোৱাই গৰুক গা ধোৱাই অঞ্চলটোৰ ৰাইজে‌।

আজিৰ এই বিশেষ দিনটোত প্ৰতিকুল বতৰকো নেওচি অঞ্চলটোৰ সকলো ধৰ্মালম্বী লোক উলাই আহি স্কুল ঘৰৰ চৌহদত গৰু গা ধোৱাই একেলগে বিহু গাই আনন্দ স্ফুৰ্তি কৰি গৰু বিহুক অন্য এক মাত্ৰা প্ৰদান কৰা দেখা গ'ল ।  উল্লেখ্য যে, সাতগাওঁ আঞ্চলিক ৰঙালী ন-বিহু সন্মিলনৰ মুখ্য পৃষ্ঠ পোষক অতুল চন্দ্ৰ চৌধুৰীয়ে গৰু গা ধুৱা পৰ্ব শুভ উদ্ধোধন কৰে। মুকলি বিহু উদ্ধোধন কৰে সমাজ কৰ্মী পৰেশ চন্দ্ৰ দাসে। সাতগাওৱৰ বিহুৰ কাৰ্যসূচী সাফল্য মণ্ডিত কৰি তুলিবলৈ সাতগাওঁ আঞ্চলিক ৰঙালী ন-বিহু সন্মিলনৰ সভাপতি দুলুমনি বৰঠাকুৰে ৰাইজক আহ্বান জনাইছে।
 

Category
Profile picture for user UB Photos