স্মাৰ্টচিটীত নিৰ্যাতন: স্বামীৰ অবৰ্ণনীয় অত্যাচাৰৰ অন্ত পেলাই জীৱনৰ পৰা মেলানি মাগিলে গীতাশ্ৰীয়ে…

death

মৃত্যুৰে যুঁজি যুঁজি অৱশেষত হাৰ মানিলে গুৱাহাটীৰ বাসিন্দা গীতাশ্ৰী তালুকদাৰে। দীৰ্ঘদিন ধৰি ভুগি অহা স্বামীৰ অবৰ্ণনীয়, অকল্পনীয় অত্যাচাৰৰ অন্তত অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ফটাশিল আমবাৰীৰ চেগুনবাৰীৰ গাতাশ্ৰী তালুকদাৰে।

উন্নয়নৰ দিশত অসম আগবাঢ়িলেও নাৰী শোষণ, নিৰ্যাতনৰ ঘটনাই যেন লগ নেৰে আমাৰ সমাজখনক। এইবাৰ গুৱাহাটী মহানগৰীত যৌতুকৰ বাবে চৰম নিৰ্যাতন। অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে নিৰ্যাতিতা বোৱাৰী গীতাশ্ৰী তালুকদাৰে। বিয়াৰ পিছৰে পৰাই স্বামীৰ লগতে তেওঁৰ দুই ভাতৃ ছুনল তালুকদাৰ, পিংকু তালুকদাৰ আৰু শহুৰ-শাহুৱে যৌতুক বিচাৰি শাৰীৰিক-মানসিক নিৰ্যাতন চলাই আহিছিল গীতাশ্ৰী তালুকদাৰক। প্ৰায়ে নিৰ্যাতনৰ বলি হোৱা গীতাশ্ৰীক ১৭ মাৰ্চৰ দিনা সন্ধিয়া সুৰাপান কৰি আহি স্বামীয়ে ধন বিচাৰি অত্যাচাৰ কৰাৰ লগতে ডিঙিত ৰছীৰে বান্ধি হত্যাৰ চেষ্টা চলায়।

husband

অতি সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰোৱা হৈছিল দুৰ্ভগীয়া গীতাশ্ৰী তালুকদাৰক। ছয় দিনৰ চিকিৎসাৰ পিছত বুধবাৰে পুৱা ১১.১০ বজাত মৃত্যুক সাৱটি লয় গীতাশ্ৰী তালুকদাৰে। সম্প্ৰতি ফটাশিল আমবাৰীত লক-আপত আছে ধৃত প্ৰদীপ তালুকদাৰ। ইতিমধ্যে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। কিন্তু এইখিনিতে প্ৰশ্ন হয়, কেতিয়া সলনি হ’ব একাংশ লোকৰ মানসিকতা? কেতিয়ালৈ নিকা হ’ব আমাৰ সমাজখন? কেতিয়ালৈ মুকলি মনেৰে উশাহ লৈ কোনো পুৰুষৰ নিৰ্যাতনৰ বলি নহৈ সাহসৰ আগুৱাই যাব পাৰিব একাংশ নাৰী?

Category
Profile picture for user UB Photos