মহানগৰীত উঠিছে টকাৰ উজান! জব্দ প্ৰায় ডেৰ কোটি টকা, তিনিজনক আটক

Money

গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ ধন। 

পল্টন বজাৰ ষ্টেচনত জব্দ ১ কোটি ৪৮ লাখ ৩০ হাজাৰ ৬০০ টকা। ৰে’ল আৰক্ষীৰ অভিযানত পুৱা জব্দ হয় টকাখিনি। তিনিজন যুৱকে তিনিটা বেগত লৈ আনিছিল টকাখিনি। 

money

টকাখিনি সোমবাৰে অৰুণাচলৰ পৰা অভিষেক শৰ্মা নামৰ লোকজনে লৈ আনিছিল বুলি জানিব পৰা গৈছে। বাকী দুজন লোকে পূৰ্বৰে পৰা পল্টন বজাৰৰ আশে পাশে হোটেলত বাস কৰি আছিল। টকাখিনি কিয় কাক দিবলৈ ক'ৰ পৰা কেনেদৰে আনিছিল তাৰ প্ৰকৃত তথ্য জানিব পৰা হোৱা নাই। 

আৰক্ষীৰ আগত মুখ খোলা নাই আটক হোৱা লোককেইজনে। তিনিওজনৰ বিৰুদ্ধে GRP 20/2022 IPC 120B/417/420/379/34 নম্বৰত ৰুজু হৈছে গোচৰ। আদালতত হাজিৰ কৰা হ'ব তিনিওজন ব্যক্তিকে। আটক হোৱা লোককেইজন হৈছে উত্তৰ প্ৰদেশৰ অভিষেক শৰ্মা, উমেশ চান্দ শৰ্মা আৰু নতুন দিল্লীৰ পৱন কুমাৰ।

Category
Profile picture for user UB Photos