ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ পৰা সাৱধান! নিৰন্তৰ কাহৰ ফলত আপোনাৰ হ'ব পাৰে যক্ষ্মা

Covid Treatment

ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ চিকিৎসাত ব্যৱহৃত ঔষধ সম্পৰ্কে জাৰী কৰিছে কেতবোৰ নিৰ্দেশনা।

নিৰ্দেশনা মতে, চিকিৎসকসকলে কোভিড১৯ ৰোগীসকলক ষ্টেৰইড দিয়া পৰিহাৰ কৰিব লাগে। ষ্টেৰইডত অত্যাধিক ড্ৰাগ ব্যৱহাৰৰ ফলত ৰোগীসকলক ক্ষতি কৰে বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ, কোভিডৰ ওপৰত চৰকাৰৰ টাস্ক ফ'ৰ্চৰ মুৰব্বীয়ে সংক্ৰমণৰ দ্বিতীয় ঢৌৰ সময়ত ঔষধৰ অত্যাধিক ব্যৱহাৰৰ বাবে দুখ প্ৰকাশ কৰিছে।

সংশোধিত নিৰ্দেশনাৱলীত কোৱা হৈছে যে যদি ষ্টেৰইডৰ দৰে ঔষধ দীঘলীয়া সময়ৰ বাবে অধিক বা অত্যাধিক ব্যৱহাৰ কৰা হয়, সেইবোৰে অন্যান্য সংক্ৰমণ যেনে মিউকোমাইকোচিছ বা 'ক'লা ভেঁকুৰ'ৰ আশংকা বৃদ্ধি কৰে। লগতে কোৱা হৈছে যদি কফ দুই বা তিনি সপ্তাহতকৈ অধিক হয়, ৰোগীসকলে যক্ষ্মা আৰু অন্যান্য সমস্যা পৰীক্ষা কৰাব লাগে। শৰীৰৰ বাবে ই অতিকৈ বিপদজনক।

যদিহে উশাহ-নিশাহত অসুবিধা বা হাইপোক্সিয়া অবিহনে উৰ্ধ শ্বাসনলীৰ লক্ষণবোৰ দেখা যায় লগতে উশাহ-নিশাহত অসুবিধা, তীব্ৰ জ্বৰ বা ৫ দিনতকৈ অধিক সময় ৰৈ থকা তীব্ৰ কাহ থকা পাতল কোভিড ৰোগীসকলে নিজকে হোম আইচ'লেছনত ৰাখি চিকিৎসকৰ পৰামৰ্শ লব লাগে।

Category
Profile picture for user UB Photos