মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে শ্বপিং মলত প্ৰশাসনৰ অভিযান, বিহিছে জৰিমনা...

Mask

ৰাজগড়, বশিষ্ঠপুৰ, চানমাৰিত হৈ পৰিছে কভিডৰ হটস্পট।

গুৱাহাটীত মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে প্ৰশাসনে চলাইছে অভিযান। সোমবাৰে বিগবজাৰ, ৰুদ্ৰাক্ষ মলত চলিল প্ৰশাসনৰ অভিযান। লগতে দুয়োপালি ভেকচিনৰ প্ৰমাণ পত্ৰ পৰীক্ষা কৰিছে প্ৰশাসনৰ লোকে।

উল্লেখ্য  যে, ৰাজ্য চৰকাৰৰ নতুন SOP প্ৰকাশৰ পিছতে তৎপৰ হৈছে প্ৰশাসন। মাস্ক পৰিধান নকৰাৰ বাবে ৰুদ্ৰাক্ষ মলত তিনিজন লোকক জৰিমনা বিহে আৰক্ষীয়ে। আনহাতে SOP ভংগ কৰিলে সাধাৰণ লোকে ৫০০ টকা আৰু শ্বপিং মলৰ মালিকে ২৫,০০০ টকাৰ জৰিমনা ভৰিব লাগিব বুলি সাৱধান কৰি দিয়ে প্ৰশাসনৰ লোকে।

আনহাতে, গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক ডা০ অভিজিত শৰ্মাই জনাইছে যে, বৰ্তমানলৈকে নিয়ন্ত্ৰণতে আছে গুৱাহাটীৰ কভিড পৰিস্থিতি। ভয় খাব নালাগে। কিন্তু অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন।
 

Category
Profile picture for user UB Photos