Covid Hotspot

গুৱাহাটী মহানগৰীত কোভিডৰ সংক্ৰমণ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে। মঙলবাৰে ৮০৭২টা নতুন কোভিড কেছৰ সৈতে আৰম্ভণিৰ পৰা এতিয়ালৈকে দেখা আটাইতকৈ বেছি।

চহৰখনত দৈনিক ১৯২৯টা সংক্ৰমণৰ সংখ্য়া দেখা গৈছে। বৰ্তমান জিএমচিএইচত ৩০০ জন কোভিড ৰোগী চিকিৎসাধীন হৈ আছে। ইয়াৰ ভিতৰত, ৬৭জন সৰুসজাই কোভিড কেন্দ্ৰত আছে।

৩৫জন ৰোগী জিএমচিএইচৰ আইচিইউত আছে, আৰু তেওঁলোকৰ ভিতৰত ৫জন টিকাকৰণ নোহোৱা আৰু সংকটজনক অৱস্থাত আছে।