৪ মাহে পোৱা নাই দৰমহা! প্ৰতিবাদত বহিল অসম সাহিত্য সভাৰ কৰ্মচাৰী

Assam Sahitya Sabha

অসম সাহিত্য সভাত যেন আৰম্ভ হৈছে সংকট।

অসম সাহিত্য সভাৰ যোৰহাটস্থিত মুখ্য কাৰ্যালয়ৰ সন্মুখত কাৰ্যালয়ৰ কৰ্মচাৰীসকল ধৰ্মঘটত বহিব লগা হৈছে। সমগ্ৰ অসমতে থকা অসম সাহিত্য সভাৰ কাৰ্যালয়সমূহৰ কৰ্মচাৰীসকলে সোমবাৰে কৰ্মবিৰতি পালন কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

উল্লেখ্য় যে, বিগত চাৰিমাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে অসম সাহিত্য সভাৰ কৰ্মচাৰীসকল। কিন্তু কৰ্মচাৰীসকলৰ এই সমস্যাৰ প্ৰতি কাণসাৰ নাই সভাপতিকে ধৰি অসম সাহিত্য সভাৰ উৰ্ধ্বতম কৰ্তৃপক্ষৰ। আৰু সেয়েহে সোমবাৰে যোৰহাটস্থিত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত দেখিবলৈ পোৱা গ'ল এক অপ্ৰত্যাশিত দৃশ্য।

এই সন্দৰ্ভত দুবাৰকৈ অসম সাহিত্য সভাৰ উৰ্ধ্বতম কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো বিষয়টোত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে কৰ্মচাৰীসকলে। অসম সাহিত্য সভাৰ সভাপতি , উপ সভাপতি , প্ৰধান সম্পাদকক অৱগত কৰি অহাৰ পিছতো এই সন্দৰ্ভত কোনো সুদুত্তৰ লাভ নকৰাত অৱশেষত ধৰ্মঘটৰ দৰে কাৰ্যসূচী লবলৈ বাধ্য হৈছে বুলি কৰ্মচাৰীসকলে জানিবলৈ দিয়ে।

Category
Profile picture for user UB Photos