কলিয়াভোমোৰা দলঙত পুনৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল কণ্টেইনাৰ

accident

কলিয়াভোমোৰা দলঙত পুণৰ দুৰ্ঘটনা৷ নিয়ন্ত্ৰণ হেৰুৱাই এখন কণ্টেইনাৰ বাগৰি পৰে দলঙৰ ওপৰত৷

জানিব পৰা মতে, তিনিচুকীয়াৰ ডুমডুমাৰ পৰা হায়দৰাবাদলৈ হিন্দুস্তান লিভাৰ কোম্পানীৰ প্ৰসাধন সামগ্ৰী কঢ়িয়াই আনিছিল ৷ আঘাতপ্ৰাপ্ত হৈছে ট্ৰাকখনৰ চালক মনোজ চাহ৷  

প্ৰতিবেদন অনুসৰি, দিলীপ টাছা বুলি চিনাক্ত কৰা ট্ৰাকৰ হেণ্ডিমেনজন সন্ধানহীন হৈ আছে। অনুমান কৰা হৈছে যে সংঘৰ্ষৰ পিছত তেওঁ নদীত জঁপিয়াই পৰিব পাৰে। খবৰ অনুসৰি ট্ৰাকখনৰ ষ্টিয়েৰিং জাম হৈ থকা দেখা গৈছিল যাৰ ফলত এখন মালবাহী বাহনৰ সৈতে সংঘৰ্ষ হৈ ৰেলিঙত খুন্দা মাৰে।

খবৰ অনুসৰি ঘটনাটো বৃহস্পতিবাৰে নিশা প্ৰায় ১-২ বজাত সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

অন্ধকাৰৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হোৱাৰ কথা ব্যক্ত কৰিছে দুৰ্ঘটনাগ্ৰস্ত কণ্টেইনাৰখনৰ চালকে৷

দুৰ্ঘটনাস্থলীত SDRF, NDRF, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী তথা যান-বাহন আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত কণ্টেইনাৰখন আঁতৰোৱাৰ চেষ্টা চলাইছে৷

 

Category
Profile picture for user UB Photos