তিনিবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ প্ৰথম মৃত্যু বাৰ্ষিকীত তেওঁক শ্ৰদ্ধাৰে সুৱৰি...

Tarun Gogoi First Death Anniversary

অসমৰ ৰাজনীতিত ১৫ বছৰে সিংহাসনত বহি ৰাজ্য চলোৱাৰ লগতে সমগ্ৰ অসমবাসীৰে প্ৰিয় নেতাগৰাকী নথকা আজি এটা বছৰেই হল। আজি ২৩ নৱেম্বৰ, এই দিনটোতেই বিগত বৰ্ষত সমগ্ৰ অসমবাসীকে কন্দুৱাই পৰলোকলৈ গমণ কৰিছিল চিৰতৰুণ তৰুণ গগৈ।

Tarun Gogoi

কোভিডৰ পিছত হোৱা জটিলতাৰ সৈতে তিনি সপ্তাহ যুঁজ দিয়াৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেখেতে মৃত্যুবৰণ কৰে।

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে সম্ভাৱ্য অ-বিজেপি মিত্ৰশক্তিৰ সৈতে কেইবাটাও বৈঠকৰ সভাপতিত্ব কৰাৰ কেইদিনমান পিছতে ২৫ আগষ্টত কৰোনা ভাইৰাছত আক্ৰান্ত হয়। সেইসময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ আৰু শেষমুহূর্তলৈকে তেওঁ ৰাজনীতিৰ সৈতে জড়িত আছিল।

তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী আসন অলংকৃত কৰা তৰুণ গগৈ বিহীন কইনাধৰা পাহাৰো খালী হৈ গৈছিল। ১৫ বছৰে কইনাধৰা পাহাৰ চিনাকি মুখ আছিল তেখেত। 

আনকি অসম চৰকাৰেও প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সন্মানত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছিল।

Tarun Gogoi First Death Anniversary

শেহতীয়াকৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক পদ্মভূষণ প্ৰদান কৰা হৈছে। তেওঁৰ পত্নী ডলী গগৈয়ে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা এই বঁটা লাভ কৰে।

Doli gogoi

টুইটাৰযোগে অসম প্ৰদেশ যুৱ কংগ্ৰেছে লিখিছে, "আমি আমাৰ প্ৰিয় নেতা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পদ্মভূষণ শ্ৰী তৰুণ গগৈক তেওঁৰ প্ৰথম মৃত্যু বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। অসম আৰু অসম সংস্কৃতিৰ উন্নতিৰ বাবে আপোনাৰ ত্যাগ আৰু কাম অসমৰ ৰাইজে চিৰদিনলৈ স্মৰণ কৰিব।"

 

মুম্বাইত ট্ৰিপল হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰাৰ মাত্ৰ পাঁচ মাহপিছত, ২০১১ চনত দলটোক ৰাজ্যখনত একেৰাহে তৃতীয়বাৰৰ বাবে নেতৃত্ব দিয়া উত্তৰ-পূবৰ অন্তিম কংগ্ৰেছৰ এজন আছিল। 

২০০১-২০১৬ বৰ্ষৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও, প্ৰবীণ কংগ্ৰেছ নেতাগৰাকীয়ে পি ভি নৰসিংহ ৰাওৰ চৰকাৰৰ সময়ত ৰাজ্যিক মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

Tarun Gogoi First Death Anniversary

আজীৱন কংগ্ৰেছৰ অনুগত থকা তৰুণ গগৈ তেওঁৰ গৃহ চহৰ যোৰহাটৰ পৰা উঠি আহি কইনাধৰাত বাস কৰিছিল।

১৯৭১ৰ পৰা ১৯৮৫লৈ যোৰহাট সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ লগতে ১৯৯১ৰ পৰা ১৯৯৬লৈ কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল গগৈয়ে।

Tarun Gogoi First Death Anniversary

Category
Profile picture for user UB Photos