Airtel গ্ৰাহকসকলৰ বাবে বেয়া খবৰ! ২৬ নৱেম্বৰৰ পৰা দাম বাঢ়িব ৰিচাৰ্জ পেকৰ, কোনটো পেকৰ দাম কিমান বাঢ়িব

Airtel Telecom

টেলিকম সেৱা প্ৰদানকাৰী ভাৰতী এয়াৰটেলে গ্ৰাহকসকলৰ মূৰত শুধাইছে ৰামটাঙোন।

দৰাচলতে, ভাৰতী এয়াৰটেলে প্ৰিপেইড শুল্ক সংশোধন কৰাৰ কথা ঘোষণা কৰিছে। জানিব পৰা মতে নতুন শুল্ক ২৬ নৱেম্বৰ, ২০২১ৰ পৰা কাৰ্যকৰী হ'ব। শুল্ক বৃদ্ধিৰ পিছত, এয়াৰটেলৰ ৭৯ টকাৰ প্লেনৰ মূল্য ২০ টকা বৃদ্ধি হৈ ৯৯ টকা মূল্য হৈছে। ।

এয়াৰটেলৰ ১৪৯ টকাৰ প্লেনটো ২৮ দিনৰ বৈধতাৰ সৈতে আহে, আৰু মূল্য বৃদ্ধি হোৱাৰ পিছত এতিয়া ইয়াৰ মূল্য ১৭৯ টকা। এই আঁচনিৰ গ্ৰাহকসকলক সমগ্ৰ দেশৰ যিকোনো নেটৱৰ্কত কৰিবলৈ সীমাহীন কলিং সুবিধা দিয়া হৈছে। এই পৰিকল্পনাই প্ৰতিদিনে ১০০ টা বিনামূলীয়া এছএমএছ প্ৰদান কৰে। গ্ৰাহকসকলে এই আঁচনিত ২ জিবি ডাটা লাভ কৰে।

আনহাতে, ২১৯ টকাৰ প্লেনটো ২৬৫ টকালৈ বৃদ্ধি পাইছে। এই আঁচনিয়ে গ্ৰাহকসকলক সীমাহীন কলিং প্ৰদান কৰে, আৰু প্ৰতিদিনে জিবি ডাটাৰ সৈতে ১০০টা বিনামূলীয়া এছএমএছ প্ৰদান কৰে।

Airtel Plan

Category