বি বৰুৱা কলেজত ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় অনুষ্ঠান ভাৰত অৰণ্য মানৱ পদ্মশী যাদৱ পায়েঙৰ।
কাউস্টিল ফৰ টিছাঁৰ এডুকেশ্যন ফাউণ্ডেশ্যন অসম চেপ্টাৰ আৰু গ্ৰেটিয়া টেকনল'জি প্ৰাইভেট লিমিটেডৰ সহযোগত অনুষ্ঠিত হয় মত বিনিময় অনুষ্ঠান
মত বিনিময় মূল বিষয় বস্তু হৈছে বহনক্ষম উন্নয়নৰ বাবে বননিৰ সংৰক্ষণ , সুৰক্ষা আৰু ৰক্ষা কৱচ
অনুষ্ঠানতিত উপস্থিত থাকে অসম চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ডঃ অৰূপ কুমাৰ মিশ্ৰ, বি বৰুৱা কলেজৰ অধ্যক্ষ ডঃ সত্যেন্দ নাথ বৰ্মন, গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যান সঞ্চালক ডঃ ৰঞ্জন কাকতি।
মত বিনিময় অনুষ্ঠানত যাদৱ পায়েঙে শুকান বালিময় নদী দীপক বননিলৈ ৰূপান্তৰ কৰিবলৈ গ্ৰহণ কৰা একক প্ৰচেষ্টাৰাজিক গুৰুত্ব আৰোপ কৰে লগতে জীৱনৰ অভিজ্ঞতা আৰু প্ৰকৃতিৰ প্ৰতি কিদৰে বহনক্ষম পৰিবেশৰ বাবে বননিসমুহ বিকশিতকৰণৰ সপোন বাস্তৱায়িত কৰি তুলিছিল সকলো কথা ব্যক্ত কৰে।
মত বিনিময়ত গুৱাহাটী বহু বিদ্যালয় আৰু মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে
- Log in to post comments