পাঠদান চলি থাকোতেই খহি পৰিল শ্ৰেণীকোঠাৰ চালি

পাঠদান চলি থাকোতেই খহি পৰিল শ্ৰেণীকোঠাৰ চালি

পাঠদান চলি থাকোতেই খহি পৰিল শ্ৰেণীকোঠাৰ চালি। কথমপিহে প্ৰাণ ৰক্ষা পৰিল ২৭ গৰাকী শিশুৰ।

হাৰিয়ানাৰ সোনেপট জিলাৰ গান্নওৰ চহৰৰ সমীপৱৰ্তী এখন গাঁৱৰ স্কুলত মেৰামতি চলি আছিল। তৃতীয় শ্ৰেণীৰ পাঠদান চলি থকাৰ সময়তে শ্ৰেণীকোঠাৰ চালি খহি পৰে। এই ঘটনাত ২০ গৰাকী শিশু আৰু তিনিজন শ্ৰমিক আহত হয়। আহত লোক সকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ বিপৰীতে গুৰুতৰভাৱে আহত ৭ গৰাকী শিশুক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

বৰ্তমান আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান চলাই আছে বুলি জানিব পৰা গৈছে।

Category
Profile picture for user UB Photos