হত্যা নে আত্মহত্যা? কাজিৰঙাত উদ্ধাৰ বনকৰ্মীৰ মৃতদেহ

Kaziranga Forest Worker Death

কাজিৰঙাত উদ্ধাৰ বনকৰ্মীৰ মৃতদেহ। শনিবাৰে সন্ধিয়া উদ্ধাৰ কৰা হয় বনকৰ্মীজনৰ মৃতদেহটো। বাগৰি বনাঞ্চলৰ অধীনৰ ডাফলাং বন শিবিৰত কৰ্তব্যৰত আছিল বনকৰ্মীজন।

ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱা বনকৰ্মীজনৰ নাম প্ৰবীণ শইকীয়া। মৃত প্ৰবীণ শইকীয়াৰ ঘৰ কুঠৰীত।
কাজিৰঙাৰ বন বিভাগে এই মৃত্যু আত্মহত্যাৰ কাণ্ড বুলি সন্দেহ কৰিছে। ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰাৰ সন্দেহ বন বিভাগৰ।

আনহাতে পৰিয়ালৰ ভাষ্য অনুসৰি এয়া আত্মহত্যাৰ ঘটনা নহয়। পৰিয়ালৰ অভিযোগ অনুসৰি, বনকৰ্মীজন অত্যাধিক মানসিক চাপত ভুগি আছিল। মৃত্যুৰ কিছু সময় পূৰ্বলৈ পত্নীৰ সৈতে ফোনযোগে কান্দি কান্দি কথা পাতিছিল বুলি প্ৰকাশ পৰিয়ালৰ লোকৰ।

অৱশ্যে, এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে পৰিয়ালৰ লোকে।

Category
Profile picture for user UB Photos