নিজৰ চখ পূৰাবলৈ এয়া কি কৰিলে এইজন ৰেপাৰে?

What did this do to fill his wheels?

ৰেপাৰসকলক বিশ্বজুৰি তেওঁলোকৰ অভিনৱ সংগীত পৰিৱেশনৰ বাবে জনা যায়। কেৱল সংগীতেই নহয়, ৰেপাৰসকলৰ লাইফষ্টাইলো অনুসৰণ কৰে বহুতেই। এই লাইফষ্টাইলৰ ভিতৰত অন্যতম তেওঁলোকৰ মেক অভাৰ।

নিজৰ অদ্ভুত জীৱনশৈলীৰ বাবে চৰ্চালৈ আহিছে এজন মেক্সিকান ৰেপাৰ। ডেন চুৰ নামৰ এই ৰেপাৰজনে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত আপলোড কৰা কেইখনমান ফটোৱে খলকনি তুলিছে।

মূৰৰ পৰা চুলিৰ সলনি মুখমণ্ডলৈকে সোণৰ চেইন ওলমি থকা ফটোখন দেখি আমোদ পাইছে সকলোৱে।

আচলতে, ২৩ বছৰীয়া মেক্সিকোৰ ৰেপাৰগৰাকীয়ে এক চাৰ্জাৰীৰ জৰিয়তে নিজৰ চুলিৰ সলনি লগাই লৈছে সোণৰ চেইন। ডেন চুৰে নিজৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰে ইনষ্টাগ্ৰাম আৰু টিকটক পেজত। লগতে তেখেতৰ এই ষ্টাইল নকল নকৰিবলৈও কয় ৰেপাৰজনে।

Category