উৎফুল্লিত ভাৰতবাসী, পেৰা অলিম্পিকত ১৯টা পদক জয়ৰে ইতিহাস ৰচিলে ভাৰতীয় খেলুৱৈয়ে..

India's Medal Tally in Paralympics 2020

টকিঅ’ৰ পেৰা অলিম্পিকত ভাৰতৰ অভূতপূৰ্ব সফলতা। পেৰা অলিম্পিকৰ পৰা ভাৰতলৈ প্ৰত্যেকদিনাই আহিছে ভাল খবৰ। এতিয়া পৰ্যন্ত ভাৰতে টকিঅ’ পেৰা অলিম্পিকত ভাৰতে দখল কৰিছে ১৯টাকৈ পদক। তাৰ ভিতৰত ভাৰতে অৰ্জন কৰিছে ৫টা স্বৰ্ণ, ৬টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদক।

পদক জয়ৰে নতুন ইতিহাস গঢ়িবলৈ সক্ষম হৈছে ভাৰতীয় খেলুৱৈসকল। খেলুৱৈসকলে পদক জয়ৰে গঢ়া ৰেক’ৰ্ডৰ তালিকা তলত দিয়া ধৰণৰঃ

১)সুমিত অন্তিল-(স্বৰ্ণ)F64 পুৰুষৰ জেভেলিন থ্ৰ’ত ৱৰ্ল্ড ৰেক’ৰ্ড
২) অৱনী লেখাৰা-(স্বৰ্ণ)R2 মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত ৱৰ্ল্ড ৰেক’ৰ্ড আৰু পেৰা অলিম্পিক ৰেক’ৰ্ড
৩)মনীষ নৰৱাল-(স্বৰ্ণ)পুৰুষৰ P4 মিক্সড ৫০ মিটাৰ পিষ্টলত পেৰা অলিম্পিক ৰেক’ৰ্ড
৪)নিষাদ কুমাৰ-(ৰূপ)পুৰুষৰ হাই জাম্প T47ত এছিয়ান ৰেক’ৰ্ড
৫)প্ৰবীণ কুমাৰ-(ৰূপ)পুৰুষৰ হাই জাম্প T64ত এছিয়ান ৰেক’ৰ্ড

পেৰা অলিম্পিকত পদক জয় কৰা খেলুৱৈসকলৰ তালিকা-

১)ভাবিনাবেন পেটেল-(ৰূপ)মহিলাৰ চিংগলছ টেবুল টেনিছৰ চতুৰ্থ শ্ৰেণীৰ শাখা
২) নিষাদ কুমাৰ-(ৰূপ)পুৰুষৰ T47 হাই জাম্প
৩)অৱনী লেখাৰা-(স্বৰ্ণ)মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল স্বুটিং
(ব্ৰঞ্জ)মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনছ স্বুটিং
৪)দেবেন্দ্ৰ ঝাঝাৰিয়া-(ৰূপ)পুৰুষৰ জেভেলিন থ্ৰ’ F46
৫)সুন্দৰ সিং গুৰজাৰ-(ব্ৰঞ্জ)পুৰুষৰ জেভেলিন থ্ৰ’ F46
৬)য়’গেশ কাথুনিয়া-(ৰূপ)পুৰুষৰ ডিছকাছ থ্ৰ’
৭)সুমিত অন্টিল-(স্বৰ্ণ)পুৰুষৰ জেভেলিন থ্ৰ’ F64
৮)সিংৰাজ আধানা-(ব্ৰঞ্জ)পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল স্বুটিং SH1
(ৰূপ)পুৰুষৰ P4 মিক্সড ৫০ মিটাৰ পিষ্টল SH1
৯)মৰিয়াপ্পান থাংগাভেলু-(ৰূপ)পুৰুষৰ হাই জাম্প T42
১০)চাৰদ কুমাৰ-(ব্ৰঞ্জ)পুৰুষৰ হাই জাম্প T42
১১)প্ৰবীণ কুমাৰ-(ৰূপ)পুৰুষৰ হাই জাম্প T64
১২)হৰবিন্দৰ সিং-(ব্ৰঞ্জ)আৰ্ছাৰী
১৩)মনীষ নৰৱাল-(স্বৰ্ণ)পুৰুষৰ P4 মিক্সড ৫০ মিটাৰ পিষ্টল SH1
১৪)প্ৰমোদ ভগত-(স্বৰ্ণ)বেডমিন্টন চিংগলছ
১৫)মনোজ সৰকাৰ-(ব্ৰঞ্জ)বেডমিন্টন চিংগলছ
১৬)কৃষ্ণ নগৰ-(স্বৰ্ণ)বেডমিন্টন
১৭)সুহাছ য়থিৰাজ-(ৰূপ)বেডমিন্টন

আনহাতে, পেৰা অলিম্পিকত বহু কেইজন খেলুৱৈয়ে পদক জয়ৰ পৰা বঞ্চিত হৈছে। খেলৰ মুঠ ৯টা শিতানৰ বাবে টকিঅ’লৈ ভাৰতৰ পৰা যোৱা খেলুৱৈৰ সংখ্যা হ’ল ৫৪গৰাকী।

পোনপ্ৰথমবাৰৰ বাবে ভাৰতে ১৯৬৮ চনত পেৰা অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ২০১৬ চনৰ ৰিঅ’ অলিম্পিকলৈকে ভাৰতে মুঠ ১২টা অলিম্পিকৰ পদক জয় কৰিবলৈহে সক্ষম হৈছিল।

বিশ্বৰ ১৬২ খন ৰাষ্ট্ৰৰ মেডেল টলীত, ১৯টা পদক দখলৰে ভাৰতে ২৪ নম্বৰ স্থান দখল কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

Category
Profile picture for user UB Photos