নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ প্ৰায় ৪০ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত

নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ প্ৰায় ৪০ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত

অসম মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ২০২১-২২বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ প্ৰায় ৪০ শতাংশ হ্ৰাস কৰা হব। এই বিষয়ে এক নিৰ্দেশনাৰ জাৰি কৰিছে কৰিছে শিক্ষা সংসদে।

পত্ৰ নং ASE.1214/2017pt/50ৰ জৰিয়তে No. SEBA/AB/NOTIFI/06/2018/25 নিৰ্দেশনা  জাৰি কৰিছে শিক্ষা বিভাগে। সেই অনুসৰি পাঠ্যক্ৰমৰ প্ৰতিটো বিষয়ত ২০১৯ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ৪০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰা হ’ব।

সংশোধিত পাঠ্যক্ৰম সংশ্লিষ্ট বিদ্যালয়সমূহৰ সকলো পৰিদৰ্শকক পিডিএফত প্ৰদান কৰা হ’ব। এই পিডিএফ ক্ৰমে বিদ্যালয়ৰ প্ৰধান শিক্ষক, নৱম, দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ প্ৰেৰণ কৰা হ’ব।

Category
Profile picture for user UB Photos