কালান্তক ক'ৰোনাত আক্ৰান্ত হাজাৰৰো অধিক শিশু     

কালান্তক ক'ৰোনাত আক্ৰান্ত হাজাৰৰো অধিক শিশু     

#news_time_assam #Covid #Delhi #ChildCovid #Government 

ক'ভিড-১৯এ জুৰুলা কৰিছে সমগ্ৰ দেশবাসীক। শিশুৰ পৰা বয়োজ্যেষ্ঠ সকলো এতিয়া ক'ভিডৰ কৰালগ্ৰাসত পৰি সৰ্বস্ৰান্ত হৈ পৰিছে। কেৱল জ্যেষ্ঠ-বয়োজ্যেষ্ঠ লোকেই নহয়বিগত এমাহত ৰাজধানী দিল্লীত ক'ভিডত আক্ৰান্ত হৈছে হাজাৰৰো অধিক শিশু।দিল্লী চৰকাৰৰ খবৰ অনুসৰিবিগত এমাহত ক'ৰোনাত আক্ৰান্ত হোৱা ৪০,৪৭০ সংখ্যক লোকৰ ভিতৰত ১,৫৮৯ টা শিশুৱেই ক'ভিড পজিটিভ বুলি তথ্যত প্ৰকাশ পাইছে।

   উল্লেখ্য যে,দিল্লীত ক'ভিড পজিটিভ হোৱা আধাতকৈও বেছি সংখ্যক লোক ৩০-৬০ বছৰৰ অন্তৰ্গত। ইয়াৰোপৰি সকলো বয়সৰ লোকৰ মাজত ভাইৰাছ সংক্ৰমণৰ তুলনাত মহিলাতকৈ পুৰুষ আক্ৰান্ত হোৱাৰ তথ্য অধিক।

   'ৰোনাক প্ৰতিৰোধ কৰিবৰ বাবে বিগত ছমাহ ধৰি দিল্লী চৰকাৰে হাস্পতাল,অক্সিজেনভেকচিনৰ মজুতকৰণৰ ওপৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

Category