ক'লা, বগা আৰু হালধীয়া ভেঁকুৰৰ পিছত ভাৰতত এইবাৰ সেউজীয়া ভেঁকুৰ প্ৰথমটো ঘটনা

ক'লা, বগা আৰু হালধীয়া ভেঁকুৰৰ পিছত ভাৰতত এইবাৰ সেউজীয়া ভেঁকুৰ প্ৰথমটো ঘটনা

#news_time_assam #Covid-19 #GreenFungus #Patient #Indore #Mumbai #India

এইবাৰ সেউজীয়া ভেঁকুৰৰ ঘটনা এতিয়া পোহৰলৈ আহিছে। ক'লা, বগা আৰু হালধীয়া ভেঁকুৰৰ পিছত,  সেউজীয়া ভেঁকুৰত আক্ৰান্ত হোৱা প্ৰথমটো ঘটনা পোহৰলৈ আহিছে। 
  ইন্দোৰত অৰবিন্দ চিকিৎসালয়ত ধৰা পৰিছে প্ৰথমজন সেউজীয়া ভেঁকুৰত আক্ৰান্ত ৰোগী। ভাৰতত এইটো সেউজীয়া ভেঁকুৰৰ প্ৰথমটো ঘটনা। ৰোগীজনক ততাতয়াকৈ বিমানেৰে মুম্বাইলৈ প্ৰেৰণ কৰা হৈছে। 
  ভাৰতত কৰ’ণাৰ লগতে সংহাৰী ৰূপ ধাৰণ কৰিছে সেউজীয়া ভেকুঁৰে।  মানিকবাগ অঞ্চলত বাস কৰা ৩৪ বছৰীয়া ৰোগীজন কৰ’ণাৰ দ্বাৰা সংক্ৰমিত হৈছিল। ৰোগীজনক দুমাহৰ চিকিৎসাৰ পিছত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল কিন্তু দহ দিনৰ পিছত, ৰোগীৰ অৱস্থাৰ পুনৰ অৱনতি হ'বলৈ ধৰে। চিকিৎসালয়ত ভৰ্তি কৰাত সোঁ হাঁওফাঁও আৰু চাইনাছত সেউজীয়া ভেঁকুৰ নামৰ এটা এস্পাৰজিলাছ ভেঁকুৰৰ অৱস্থিতি ধৰা পৰে।  
  বিশেষজ্ঞসকলৰ মতে, সেউজীয়া ভেঁকুৰ ক'লা ভেঁকুৰৰ তুলনাত অধিক বিপদজনক। সেউজীয়া ভেঁকুৰৰ ফলত, ৰোগীৰ অৱস্থাৰ নিৰন্তৰ অৱনতি ঘটে।
   উল্লেখ্য যে, ক'লা ভেঁকুৰত আক্ৰান্ত ৰোগীৰ সংখ্যা হ্ৰাস নহওতেই  সেউজীয়া ভেঁকুৰৰ চিনাক্তকৰণ অত্যন্ত উদ্বেগজনক।

Category