সৌন্দৰ্য্যৰাণী ডিমা হাচাওত এতিয়া স্থবিৰ যাতায়ত ব্যৱস্থা

সৌন্দৰ্য্যৰাণী ডিমা হাচাওত এতিয়া স্থবিৰ যাতায়ত ব্যৱস্থা

#news_time_assam #Road #Damage 

পাহাৰীয়া জিলা ডিমা হাচাও সৌন্দৰ্য্যৰাণী ৰূপে খ্যাত৷ কিন্ত জিলাখনৰ প্ৰায়বোৰ পথৰ অৱস্থা অতি শোচনীয়। যাৰ বাবে যাতায়ত ব্যৱস্থা স্থবিৰ হৈ পৰিছে৷

 শেহতীয়াকৈ কেইবা দিন ধৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত জিলাখনৰ সদৰ হাফলং-জাতিংগাৰ মুল পথছোৱাৰ তিনিটা স্থানত হৈছে ব্যাপক ভূমিস্খলন৷ আনহাতে ক'ভিড কেন্দ্ৰীক পৰিস্থিতিত কৰ'ণা আক্ৰান্ত সকলক এম্বুলেন্সেৰে অনাৰ ক্ষেত্ৰতো বহু অসুবিধাৰ সন্মুখীন হৈছে৷

 আজি স্থানীয়লোকে পথছোৱা শীৰ্ঘে মেৰামতিৰ কৰাৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে৷ অৱৰোধকাৰীৰ দাবী, পথ নিৰ্মাণৰ ক্ষেত্ৰত NHAC য়ে সময়মতে উচিত পদক্ষেপ লব লাগে।

Category
Profile picture for user UB Photos