তপতজুৰিত ১৮টাকৈ হাতীৰ মৃত্যু হোৱা মৰ্মান্তিক ঘটনাই ৰাজ্যজুৰি পেলাইছে শোকৰ ছাঁ

jj

# ub24x7#news_time_assam

#tapatjuri_elephant_death

বঢ়মপুৰৰ বামুনিৰ তপতজুৰিত ১৮টাকৈ হাতীৰ মৃত্যু হোৱা মৰ্মান্তিক ঘটনাই ৰাজ্যজুৰি এক শোকৰ ছাঁ পেলাইছে।ৰাজ্যজুৰি সৃষ্টি হৈছে বিভিন্ন মত-প্ৰক্ৰিয়াৰ।মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্বেগ প্ৰকাশ। বনমন্ত্রী পৰিমল শুক্লবৈদ্যক ঘটনাস্থলিত উপস্থিত হৈ হাতীকেইটাৰ ৰহস্যজনক মৃত্যুৰ চৰজমিন পৰীক্ষা কৰিবলৈ নিৰ্দেশ মখ্যমন্ত্রীৰ। শুকুৰবাৰে পুৱা ভাগতেই মুখ্যমন্ত্রীৰ নিৰ্দেশতেই ঘটনাস্থলিত উপস্থিত হ'ল বনমন্ত্রী পৰিমল শুক্লবৈদ্য। বনমন্ত্রী গৰাকীয়ে বনবিভাগৰ উচ্চপদস্থ বিষয়াৰ সৈতে আলোচনাত মিলিত হৈ সম্পূৰ্ন ঘটনাৰ উচিত তদন্ত কৰিবৰ বাবে নিৰ্দেশ দিয়ে। যিহেতু বনবিভাগৰ লগতে স্থানীয় ৰাইজৰ মতে  প্ৰাকৃতিক বজ্ৰপাত পৰিয়ে ১৮টাকৈ হাতীৰ মৃত্যু হোৱাৰ সন্দেহ। বজ্ৰপাত পৰি ১৮টাকৈ বন্যহস্তীৰ মৃত্যুক সহজভাৱে লব খোজা নাই ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী সকলে। মৰোনোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব ইয়াৰ প্ৰকৃত তথ্য। শুকুৰবাৰে ১৮ট‍াকৈ হাতীৰ মৃতদেহ পাহাৰতোৰ দুৰ্গম স্থানত গাত খান্দি পুতি থবৰ বাবে বস্তাই বস্তাই নিমখ জেচিবিৰ সহায়ত ওপৰলৈ নিয়া হয় আৰু তাৰ পাছতেই ১৮টাকৈ হাতীক গাঁত খান্দি পুতি পেলোৱা হয়। কিন্তু বৰ্তমানেই হাতী কেইটাৰ মৃত্যু তদন্ত অব্যাহত আছে।

Category
Profile picture for user UB Photos