বোন্দাত কেঁকুৰী ঘূৰিবলৈ লওঁতে নলাত সোমাল চাৰিচকীয়া বাহন

Guwahati News

গুৱাহাটীৰ নাৰেংগীৰ বোন্দাত ভয়ংকৰ দুৰ্ঘটনা।

কেঁকুৰী ঘূৰিবলৈ লওঁতে নলাত সোমাল চাৰিচকীয়া বাহন।

দুৰ্ঘটনাত আহত এগৰাকী কলেজীয়া ছাত্ৰী। 

মহানগৰীৰ এখন আগশাৰী মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে ছাত্ৰীগৰাকী ।

জানিব পৰা মতে AS01DW 3167 নম্বৰৰ বাহন খনৰে বোন্দাস্থিত গৃহৰ পৰা মহাবিদ্যালয় লৈ ওলাই গৈছিল ছাত্ৰী গৰাকী। নাৰেংগী -চন্দ্ৰপুৰ  ঘাইপথৰ বোন্দাত এটা কেঁকুৰী ঘূৰিবলৈ লওঁতে হঠাতে পথৰ দাঁতিৰ নলাত বাহনসহ ছাত্ৰীগৰাকী সোমাই যায় ।।

পিছত স্থানীয় ৰাইজে ছাত্ৰী গৰাকীৰ প্ৰাণ ৰক্ষা কৰি বাহনখনৰ ভিতৰৰ পৰা কোনো মতে উদ্ধাৰ কৰে

Category