কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

narendra modi

কাইলৈ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী। কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিৰ পট্টা বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

দুদিনীয়া ভ্ৰমণসূচীত প্ৰধানমন্ত্ৰী গৰাকীয়ে কোকৰাঝাৰৰ পৰা তেওঁৰ ভ্ৰমণ কাৰ্যসূচী আৰম্ভ কৰিব। য’ত তেওঁ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। 

ইপিনে ১৩ মাৰ্চত প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । লগতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN) আঁচনিৰ এটা কিস্তি মুকলি কৰিব। দুদিনীয়া ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰ, গুৱাহাটী আৰু শিলচৰত জনসভা সম্বোধন কৰিব 

Category