মহানগৰীত ত্ৰিকোণীয় প্ৰেমৰ ভয়ংকৰ পৰিণতি

guwahati news

পুনৰ গুৱাহাটী মহানগৰীৰ হোমষ্টেত চাঞ্চল্যকৰ হত্যাকাণ্ড।

মহানগৰীৰ জ্যোতিনগৰৰ Berrywood home stay নামৰ গেষ্ট হাউচত ত্ৰিকোণীয় প্ৰেমৰ বাবেই প্ৰেমিকাই প্ৰেমিকক নৃশংস ভাবে হত্যা কৰাৰ অভিযোগ।

হত্যাৰ বলি হোৱা যুৱকজন হৈছে নুনমাটিৰ নিজৰাপাৰৰ বাহাৰুল ইছলাম ওৰফে সোনা।

প্ৰেমিকক হত্যা কৰাৰ অভিযোগত চানমাৰি আৰক্ষীয়ে প্ৰেমিকা প্ৰীতি ডেকাক আটক কৰি সোধা পোছা কৰি আছে আৰক্ষীয়ে।।

উল্লেখ্য যে, নুনমাটিৰ নিজৰাপাৰৰ বাহাৰুল ইছলাম ওৰফে সোনাই দীৰ্ঘদিন ধৰি প্ৰীতি ডেকাৰ লগত প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিছিল।প্ৰেমিকা প্ৰীতি ডেকাই অন্য এজন যুৱকক ভাল পোৱাত বাহাৰুল ইছলাম ওৰফে সোনাৰ লগত মাজে মাজে সংঘাত হৈছিল।।

সোমবাৰে বাহাৰুল ইছলাম ওৰফে সোনাই জ্যোতিনগৰৰ Berrywood home stayৰ এটা কোঠা নৈশ পাৰ্টীৰ আয়োজন কৰিছিল।নৈশ পাৰ্টীত বাহাৰুল ইছলাম আৰু প্ৰেমিকা প্ৰীতি ডেকাৰ লগতে কেইবাজনো বন্ধু ভাগ লৈ সুৰা পান কৰে।

ইয়াৰ মাজতে তৃতীয়জন যুৱকক তেওঁলোকৰ মাজত প্ৰবেশক লৈ বাহাৰুল ইছলাম আৰু প্ৰেমিকা প্ৰীতি ডেকাৰ মাজত প্ৰচণ্ড মাৰপিট হয়।

মাৰপিটৰ পিছত বাহাৰুল ইছলামে ফেচবুকত মাজ নিশা ২:১৫ বজাত অনলাইন আত্মহত্যাৰ নাটক কৰে।কিন্তু পুৱাৰ ভাগত ফেনত ৰহস্য জনক ভাবে ওলমি থকা অৱস্থাত বাহাৰুল ইছলামৰ মৃতদেহ উদ্ধাৰ হয়।

ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচ লৈ প্ৰেৰণ কৰে।

আৰক্ষীৰ প্ৰাথমিক তদন্তত যুৱক জনে পুৱতি নিশা ৩: ২৪ বজাত ফ্লেটৰ পৰা তললৈ নামি অহাৰ দৃশ্য ৰেকৰ্ডিং হৈ আছে।

ভাড়া লোৱা কোঠাটোৰ পিছফালৰ খিড়িকী ভঙা হোৱাৰ লগতে খিড়িকীৰে নামি অহা চেণ্ডলৰ চিন আৰক্ষীৰ তদন্তত ধৰা পৰিছে। 

মূলতঃ প্ৰেমিকা প্ৰীতি ডেকাই নতুন প্ৰেমিকৰ সহযোগত বাহাৰুল ইছলামক হত্যা কৰা বুলি পৰিয়ালে চানমাৰি থানাত এজাহাৰ দাখিল কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি প্ৰেমিকা প্ৰীতি ডেকাক মাৰাথন জেৰা চলাই আছে।

Category