কাইলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব যোৰহাটৰ স্বৰাজ উদ্যান

jorhat news

যোৰহাটত স্বৰাজ উদ্যান। ১৭৫ বিঘা ভূমিত ১৫৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ স্বৰাজ উদ্যান। অত্যাধুনিক স্বৰাজ উদ্যান খনত ২৫ টাকৈ শ্বহীদৰ স্মাৰক।

পৰ্যটকৰ বাবে মুকলি শ্বহীদ কোশল কোঁৱৰ ,পীতাম্বৰ দেৱ গোস্বামী কাৰাগাৰৰ কুঠালী। উত্তৰ পূৰ্বাঞ্চলৰ এক মাত্ৰ ফাঁচি শাল খনো চাব পাৰিব পৰ্যটকে। 

এই স্মাৰক উদ্যানত নতুন প্ৰজন্মই বিচাৰি পাব স্বাধীনতা সংগ্ৰামৰ বহু ইতিহাস। ইতিমধ্যে অন্ত পৰিছে উদ্যান খনৰ প্ৰথম পৰ্যায়ৰ কাম । ১১ মাৰ্চত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব স্বৰাজ উদ্যান । চৰকাৰৰ এই পদক্ষেপ সলাগ যোৰহাটবাসীৰ।

উদ্যানখনৰ ভিতৰৰ মনোমোহা পৰিৱেশে আল্পুত কৰিব আপোনাৰো মন । থাকিব উদ্যানৰ ভিতৰত শৰীৰ চৰ্চাৰ ব্যৱস্থা। শিশু উদ্যান আৰু কেণ্টিনৰ সু-ব্যৱস্থা। 

ইতিমধ্যে প্ৰথম পৰ্যায়ৰ উদ্যানৰ কাম সম্পূৰ্ণ হোৱা উদ্যান খন প্ৰৱেশদ্বাৰত থাকিব উত্তৰ পূৰ্বাঞ্চলৰ ৮ ৰাজ্যৰ নাম ।উদ্যানখনৰ বাকী ৰোৱা কাম ২ বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি বিশ্বাসী নিৰ্মাণ কৰী সংস্থা ।

Category