দৌল গোবিন্দ মন্দিৰত অবিৰত ভক্তৰ সোঁত। দৌল উৎসৱৰ চতুৰ্থ দিনটো প্ৰভু দৌল গোবিন্দৰ শ্ৰৱণ-কীৰ্তন, প্ৰভু বন্দনা চলি আছে ।
ফাকু উৎসৱৰ জৰিয়তে হৰি ভকতিৰ প্ৰেম অমৃত ৰসত নিমজ্জিত প্ৰতিজন । নাম প্ৰসংগ, পুজা পাবন যজ্ঞৰে গোপাল গোবিন্দক আৰধনা কৰিছে হাজাৰ হাজাৰ ভক্তই।
ফাকু উৎসৱৰ প্ৰতি দিনে ভক্তক চাহ জলপান,দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে । শুক্ৰবাৰে আবেলি দিহিং সত্ৰলৈ ঘুণুচা যাত্ৰাৰে সামৰণি পৰিব দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ ।
Category
- Log in to post comments