ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযানৰ মাজতে গ্ৰেপ্তাৰ মানকাচৰৰ কুখ্যাত ড্ৰাগছ মাফিয়া।
ধৃত ড্ৰাগছ মাফিয়াটোক জাকিৰ মিঞা বুলি জানিব পৰা গৈছে।
যোৱা তিনিদিন পূৰ্বে মানকাচৰ-বাংলাদেশ সীমান্তত ৫৫ লাখ টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছিল দুই ড্ৰাগছ সৰবৰাহকাৰী। কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেৰে বাংলাদেশত ড্ৰাগছ খিনি সৰবৰাহ কৰাৰ সময়ত ১৮৩ নং বেটেলিয়ান বি এছ এফ আৰু আৰক্ষীয়ে ড্ৰাগছ খিনি জব্দ কৰি আবু ছামা আৰু এক্ৰামূল হকক গ্ৰেপ্তাৰ কৰিছিল। ইপিনে ঘটনাৰ তদন্ত চলাই নিশা মূল অভিযুক্ত জাকিৰ মিঞাক আটক কৰি গ্ৰেপ্তাৰ কৰে। জাকিৰ মিঞা ড্ৰাগছখিনি বাংলাদেশত সৰবৰাহৰ বাবে দুয়োক সীমান্তলৈ প্ৰেৰণ কৰিছিল বুলিও জানিব পৰা গৈছে।
- Log in to post comments