অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। দুদিনীয়া কাৰ্যসূচীৰে ১৮-১৯ ফেব্ৰুৱাৰীত অসমলৈ আহিব ভাৰতীয় জনতা পাৰ্টীৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতিগৰাকী।১৮ ফেব্ৰুৱাৰীত অসমত উপস্থিত হৈ ডিব্ৰুগড়ত বুথ সন্মিলনত অংশগ্ৰহণ কৰিব। লগতে আন কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।
জানিব পৰা মতে, ১৯ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাতেই বাৰেকুৰিৰ বৰগাঁৱত অৱস্থিত বৰনামঘৰত উপস্থিত হৈ ভকতবৃন্দৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে এক বাৰ্তালাপত মিলিত হ'ব ৷ তাৰ পাছতে গুইজানত অৱস্থিত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ মৈদামত আশীৰ্বাদ গ্ৰহণ কৰিব ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।
ইফালে ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ অসম ভ্ৰমণ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয়, ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ দুদিনীয়া এই অসম তথা উজনি অসমৰ ভ্ৰমণে নিশ্চয়কৈ দলীয় কৰ্মকৰ্তাসকলক যথেষ্ট উৎসাহিত কৰিব । আমি ৰাষ্ট্ৰীয় সভাপতিগৰাকীক আদৰিবলৈ সাজু হৈছো
- Log in to post comments