কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই।
AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ ভূপেন বৰাৰ।
কংগ্ৰেছ দলত ৰকিবুল হুছেইনৰ স্থিতিক লৈও অসন্তুষ্ট ভূপেন বৰা।
উল্লেখ্য যে, কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছতে এক্স হেণ্ডেলৰ পৰা ডিলিট কৰিলে নিজৰ কংগ্ৰেছৰ পদবী। ইপিনে ২০০৬চনৰ পৰা ২০১৬ চনলৈ বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আছিল ভূপেন বৰা। লগতে ২০২১ চনৰ ২৪ জুলাইত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে ভূপেন কুমাৰ বৰাক নিযুক্তি দিয়া হৈছিল।
Category
- Log in to post comments