
চুবুৰীয়া দেশ ৰঙা চীনত আৰম্ভ হোৱা কৰ'ণাই সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰাৰ মাজতে এইবাৰ দেশখনত প্ৰাদুৰ্ভাৱ ঘটিছে আন এক ভয়াৱহ ৰোগৰ। বুবানিক প্লেগ নামৰ নতুন ৰোগ বিধৰ সংক্রমিত হৈছে চীনৰ দক্ষিণ প্ৰান্তৰ ইনাৰ মংগোলীয় প্ৰদেশত থকা একাংশ লোকৰ দেহলৈ ।
ৰাজ্য খনৰ খোভ অঞ্চলত থকা লেৱটেৰীত কৰা পৰীক্ষাত এই ৰোগৰ তথ্য নিশ্চিত কৰিছে চৰকাৰী সংবাদ গোষ্ঠী গ্ল'ৱেল টাইমছে। স্মতব্য যে মংগোলীয়ৰ এজন ২৭ বছৰীয়া যুৱক আৰু তেওঁৰ ১৭ বছৰীয়া ভাতৃক চিকিৎসালয়ত কৰা পৰীক্ষা-নিৰীক্ষাৰ অন্তত ভয়াৱহ বুবানিক প্লেগৰ উপস্থিতি ধৰা পেলায়। আক্রান্ত ভাতৃদ্বয়ে কেৰ্কেটুৱা জাতীয় বন্য প্ৰাণীৰ কেঁচা মাংস ভক্ষণ কৰাৰ পিচতে এই ৰোগৰ লক্ষণ দেখা দিয়ে বুলি চিকিৎসকে সদৰি কৰিছে।
উল্লেখ্য যে চীনৰ প্ৰায়বোৰ স্হানত মুক্তভাৱে চলি থকা বন্য প্ৰাণীৰ কেঁচা মঙহৰ বিপনিৰ পৰাই সংক্রমিত হৈছিল কৰ'ণাৰ গণ সংক্রমণ ।তাৰ পিছতে চীনা প্ৰশাসনে বন্ধ কৰি দিয়ে জন্তৰ কেঁচা মঙহৰ বজাৰ সমূহ । শেহতীয়াকৈ বুবানিক প্লেগৰ ভয়াৱহ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাত চিন্তিত হৈ পৰিছে ড্ৰেগনৰ দেশখনে।
- Log in to post comments