বিধানসভাৰ নিৰ্বাচনৰ বাবে সাজু ৰাজ্যিক বিজেপি।
বিধানসভা নিৰ্বাচনকলৈ গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ।
নিৰ্বাচনত জয়ী হোৱাৰ বাবে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে বিজেপিয়ে বুলি কয় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে।
ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়, ‘‘অতি শীঘ্ৰে ১২৬টা সমষ্টিত গৈ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মতামত লৈ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰা হ'ব। তাৰ পিছতেই প্ৰাৰ্থীৰ পেনেল কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা হ'ব।’’
লগতে দিলীপ শইকীয়াই কয় যে ‘‘২৫ ফেব্ৰুৱাৰীৰ পিছত প্ৰাৰ্থী তালিকা ঘোষণা কৰিব বিজেপিয়ে। নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগে যি সিদ্ধান্ত লয় সেয়া বিজেপিয়ে আদৰণি জনাব।’’
- Log in to post comments