আজি পবিত্ৰ 'মে ডাম মে ফী'। প্ৰতিবছৰে ৩১ জানুৱাৰীত পালন কৰা হয় 'মে-ডাম-মে-ফী'৷ টাই-আহোম জনগোষ্ঠীৰ লোক সকলে সম্পূৰ্ণ ধৰ্মীৰ ৰীতি-নীতি, পৰম্পৰা অনুযায়ী পালন কৰা এই উৎসৱত পূৰ্বপুৰুষক স্মৰণ কৰে ৷ ধৰ্মীয় সামাজিক উৎসৱৰ জৰিয়তে আহোমসকলে পিতৃ পুৰুষ তথা উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰাৰ লগতে দেশ আৰু দহৰ মংগল কামনা কৰে ৷ মে-ডাম-মে-ফী এখন পূজাৰ জৰিয়তে পালন কৰা হয়৷
উপৰিপুৰুষৰ পূজা টাই আহোমসকলৰ এক পৰম্পৰা। মৃতকৰ স্মৃতিচাৰণ কৰি আহোমসকলে অতীজৰে পৰা পূজা অৰ্চনা কৰি আহিছে। এনে এক পৰম্পৰাই হৈছে মে-ডাম-মে-ফী। টাই আহোমসকলে পূৰ্বপুৰুষৰ মৃতকসকলক সমূহীয়কৈ পূজা-অৰ্চনা কৰি জাতিটোৰ লগতে ৰাজ্য আৰু দেশৰ মংগল কামনা কৰে।
পূৰ্বৰ পৰম্পৰাৰ প্ৰতি আন্তৰিক শ্রদ্ধা জনাই, দেশ আৰু জাতিৰ মংগল কামনা কৰি ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন কৰা হৈছে পৱিত্ৰ মে-ডাম-মে-ফী । এই পৱিত্র দিনটোতেই শনিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ নটবমাৰ চ্যুকাফা নগৰত স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ এটা বিশাল প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে । কেন্দ্ৰীয়ভাৱে আয়োজন কৰা মে-ডাম-মে-ফীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রীয়ে স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰে ।
স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ এটা বিশাল প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰি মুখ্যমন্ত্রীগৰাকীয়ে সকলোকে মে-ডাম-মে-ফীৰ শুভেচ্ছা জ্ঞাপন কৰি কয়, "তেৰ শতিকাৰ আৰম্ভণিতে চাওলুং চ্যুকাফাৰ নেতৃত্বত টাই আহোমসকলৰ আগমনে অসমৰ সামাজিক-সাংস্কৃতিক জীৱন তথা অসমীয়া জাতিৰ ইতিহাসত এক নতুন অধ্যায়ৰ আৰম্ভণী কৰিছিল । তেওঁ অসমৰ ভূখণ্ডক সোণৰ দেশ বুলি কৈছিল । চৰাইদেউত ৰাজধানী পাতি অসমীয়া মানুহৰ এক নতুন ইতিহাসৰ পাতনি মেলিছিল । এই ভূখণ্ডত থিতাপি লৈ ইয়াত থকা জনগোষ্ঠিসমূহৰ লগত তেওঁ সম্পৰ্ক স্থাপন কৰিছিল । সকলোৰে লগত মনৰ এক সমন্বয়ৰ ভেটি নিৰ্মাণ কৰিলে । আৰু সূচনা হ'ল অসমীয়া জাতীয় পৰিচয়ৰ আৰম্ভণি "
লগতে মুখ্যমন্ত্রীগৰাকীয়ে কয়, "তেতিয়াৰ পৰা আজিলৈকে আমাৰ এই জাতিটোৰ বৰ্ণিল ইতিহাসৰ বিষয়ে আমি সকলোৱে অৱগত । আমাৰ জাতীয় জীৱন আৰু বৰ অসম নিৰ্মাতা স্বৰ্গদেউ চাওলুং চ্যুকাফা আমাৰ সকলোৰে প্ৰেৰণাৰ প্ৰতীক আৰু আমাৰ বাবে সৰ্বকালৰ আদৰ্শ । সিংহাসনত অধিষ্ঠিত হৈ থকা তেখেতৰ পূৰ্ণাংগ অৱয়বৰ প্ৰতিমূৰ্তি আজিৰ পৱিত্র দিনটোত উদ্বোধন কৰিবলৈ পাই মই আনন্দিত আৰু গৰ্বিত ।"
- Log in to post comments