কোকৰাঝাৰত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ডাভোছৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে বিশেষ পষ্ট।পষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে কোকৰাঝাৰৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ অৰ্থে জিলা প্ৰশাসনৰ লগতে ৰাজ্য প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াসকলৰ সৈতে মই সততে যোগাযোগ ৰক্ষা কৰি আছোঁ। শান্তি আৰু জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সেনাবাহিনী মোতায়ন কৰাৰ ব্যৱস্থা কৰা হৈছে । কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ Rapid Action Force ক ইতিমধ্যে মোতায়ন কৰা হৈছে।
আইন শৃঙ্খলা পৰিস্থিতি ৰক্ষাৰ স্বাৰ্থত কোকৰাঝাৰ আৰু চিৰাঙ জিলাত সদ্যহতে ইণ্টাৰনেট সেৱা অস্থায়ীভাবে বন্ধ ৰখা হ'ব। মই সমাজৰ নেতৃস্থানীয় ব্যক্তি আৰু ৰাজনৈতিক নেতাসকলৰ সম্পূৰ্ণ সহযোগিতাৰ বাবে অনুৰোধ জনালোঁ। শান্তি আৰু স্বাভাৱিক অৱস্থা যথাসম্ভৱ সোনকালে ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰক সহায় কৰিবলৈ সকলোকে আহ্বান জনালোঁ।
- Log in to post comments