চিনেমাৰ কায়দাৰে ডকাইতি কাণ্ড,গণেশপাৰাত ৪ জনীয়া ডকাইতৰ লুটপাত

guwahati news

সোমবাৰে মহানগৰীত শিহৰণকাৰী ডকাইতি কাণ্ড। ফটাশিল আমবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গণেশপাৰাৰ ‘স্নেহাশ্ৰয়’ নামৰ এটা অট্টালিকাত ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত এটা ডকাইতৰ দলে চিনেমাৰ কায়দাৰে চলাই ডকাইতি কাণ্ড। 

জানিব পৰা মতে, এখন বগা ৰঙৰ চুইফট ডিজায়াৰ বাহনত মুখমণ্ডলত ক'লা কাপোৰ পৰিহিত চাৰিজনীয়া ডকাইতৰ এটা দল এটা আহিছিল । সেই দলটোৱে ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত প্ৰৱেশ কৰে। ঘটনাৰ সময়ত ব্যৱসায়ী অনিল ডেকা বিদেশত অধ্যয়নৰত কন্যাক থ’বলৈ বিমানবন্দৰলৈ গৈছিল। 

সেই সময়ত ঘৰত কেৱল পত্নী কৰবী ডেকা আৰু গাড়ী চালকজন উপস্থিত আছিল। ঘৰত কোনো নথকাৰ সুযোগ লৈ ডকাইতৰ দলটোৱে ঘৰত প্ৰৱেশ কৰি কৰবী ডেকা আৰু চালকজনক ভয়ানকভাৱে আক্ৰমণ কৰে। আনকি কৰবী ডেকাৰ মুখত পিষ্টল সুমুৱাই প্ৰাণে মৰাৰ ভাবুকি দিয়ে। 

ঘৰত থকা নগদ ধন, সোণৰ অলংকাৰসহ সকলো মূল্যবান সামগ্ৰী দলটোৱে লুটি লৈ যায় । এই সমগ্ৰ দৃশ্য বাসগৃহটোত থকা চিচিটিভি কেমেৰাত আৱদ্ধ হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ফটাশিল আমবাৰী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

Category