
কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে। শুকুৰবাৰে নলবাৰীত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰী ডঃ হিমন্ত শৰ্মাৰ। নলবাৰীৰ ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণি কৰে এই কাৰ্যসূচীৰ।
আঁচনিৰ জড়িয়তে নলবাৰীৰ ৩৪ হাজাৰ মহিলাই লাভ কৰিলে ধন। মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ১৩গৰাকী মহিলাক প্ৰদান কৰে চেক। প্ৰতিগৰাকী মহিলাই লাভ কৰিব ১০হাজাৰ টকাকৈ। নলবাৰীৰ আত্ম-সহায়ক গোটৰ ৩৪ হাজাৰ মহিলাক বিতৰণ কৰিব চেক। চেক লাভ কৰিবলগীয়া মহিলাক মুখ্যমন্ত্ৰীৰ স্বাক্ষৰযুক্ত পত্ৰৰে জনোৱা হৈছিল নিমন্ত্ৰণ।
মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,মন্ত্ৰী অতুল বৰা,মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস,জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীকে ধৰি কেইবাগৰাকী ব্যক্তি। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে এই ধনৰাশি প্ৰদান কৰা হৈছে৷ ৰাজ্যজুৰি ৩০ লক্ষাধিক মহিলাই লাভ কৰিব এই ধন।
- Log in to post comments