
মানৱ দেহত বিভিন্ন ধৰণৰ হাড় থাকে। হাড়সমূহ সংযুক্ত হৈ থকা অংশটোক গাঁঠি বা জইন্ট বুলি কোৱা হয়।জইণ্টসমূহে শৰীৰটোক লৰচৰ কৰা আৰু স্থিতিশীল অৱস্থাত ৰখাত সহায় কৰে। ফলত আমাৰ দৈনন্দিন কার্যাবলী যেনে- চলা-ফুৰা, দৌৰা, জপিওরা আদিত সহজ হৈ পৰে। কিন্তু বয়সৰ লগে লগে জইন্টসমূহ দুর্বল হয়। জইণ্টৰ ভিতৰত থকা লুব্রিকেটিং ফ্লুইড অর্থাৎ পিছল ৰসৰ পৰিমাণ হ্রাস পালে জইন্ট টান আৰু কম নমনীয় হৈ পৰে। ফলত স্বাস্থ্যৰ ক্ষতি আৰু আঁঠুৰ বিষ আদিৰ দৰে সমস্যা আৰম্ভ হয়। সেয়ে বৃদ্ধ বয়সত গাঁঠি বা জইন্টসমূহ কাৰ্যকৰী কৰি ৰখাৰ বাবে সাৱধানতা অৱলম্বন কৰা দৰকাৰ। উল্লেখ কৰা হ'ল হাড়ৰ গাঁঠি বা জইন্ট সক্ৰিয়
কৰি ৰখাৰ উপায়-
(১) হাড় ভালে ৰখাৰ তিনিটা সহজ উপায় হৈছে- একেৰাহে দীর্ঘসময় বহি নাথাকিব। সুযোগ পালেই খোজ কাঢ়ক। গাঁঠি বা জইণ্টসমূহত পৰা হেঁচা কমাবলৈ নিয়মিত শৰীৰ চৰ্চা কৰক আৰু মূল পেশীসমূহ শক্তিশালী কৰি ৰাখক। এই তিনিটা অভ্যাসে জইণ্ট শক্তিশালী কৰি ৰখাৰ লগতে হাড় সুস্থ ৰাখে।
(২) হাড় ভালে ৰখা বা শক্তি বঢ়োৱাৰ বাবে শৰীৰ চৰ্চা কৰাটো জৰুৰী। শৰীৰ চৰ্চাই জইণ্টৰ স্থায়িত্ব অক্ষুণ্ণ ৰখাত সহায় কৰাৰ লগতে গাঁঠিৰ বিষ নিৰাময় কৰে। এই ক্ষেত্ৰত ওজন কঢ়িওৱাৰ অভ্যাস কৰিব পাৰে। অৱশ্যে শৰীৰটোৱে বহন কৰিব পৰা ওজনহে কঢ়িয়াব।
(৩) চাইকেল চলোৱা আৰু সাঁতোৰাৰ অভ্যাসেও হাড়ৰ গাঁঠি বা জইণ্টসমূহ শক্তিশালী কৰি ৰখাত সহায় কৰে। টেনিছ আৰু বাস্কেট বল খেলাৰ অভ্যাসেও গাঁঠিৰ পেশী শক্তিশালী কৰি ৰখাত সহায় কৰে।
(৪) কার্ডিঅ' শৰীৰ চৰ্চায়ো হাড় ভালে ৰখাত সহায় কৰে। জগিং আৰু দৌৰাৰ দৰে স্বল্প প্ৰভাৱিত কার্ডিঅ' শৰীৰ চৰ্চায়ো মানৱ দেহৰ জইণ্টসমূহ সতেজ কৰি ৰাখে। অৱশ্যে যিসকলে ইতিপূর্বেই জইণ্টৰ সমস্যাত ভুগি আছে তেওঁলোকৰ বাবে জইণ্টৰ ওপৰত অত্যধিক চাপ পৰা শৰীৰ চৰ্চা কৰা উচিত নহয়।
- Log in to post comments