মহানগৰীত পুনৰ হিট এণ্ড ৰানৰ ঘটনা! নিশা মহানগৰীৰ চুপাৰ মাৰ্কেট উৰণ সেতুত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাত নিহত বাইক আৰোহী যুৱক-যুৱতী। জানিব পৰা মতে, দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহীজন আৰু আহত যুৱতীগৰাকীক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছিল যদিও মৃত্যু হয়।
উল্লেখ্য যে, নিহত বাইক আৰোহী যুৱকজনৰ নাম ৰঞ্জিত ৰাজবংশী। নলবাৰীত ঘৰ নিহত বাইক আৰোহী ৰঞ্জিতৰ। ৰেপিড’ চলাই জীৱন নিৰ্বাহ কৰিছিল যুৱকজনে। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS 01BU 7601। আনহাতে, মৃত যুৱতীগৰাকী লামডিঙৰ প্ৰিয়া সোণাৰ বুলি জানিব পৰা গৈছে। NERIMৰ আইনৰ ছাত্ৰী আছিল প্ৰিয়া
ৰেপিড' চালক ৰঞ্জিত ৰাজবংশীৰ ককায়েক সঞ্জীৱ ৰাজবংশীৰ মন্তব্য - " ৰেপিড চলাই নিজৰ লগতে পৰিয়ালটো চলাইছিল ৰঞ্জিতে, এইবাৰ বিহুত ঘৰত গৈ ভনীয়েকৰ বিয়াৰ যোগাৰ কৰা কথা আছিল ৰঞ্জিতৰ। মাঘ বিহুত ঘৰলৈ আহি একেলগে বিহু উদযাপন কৰা কথা আছিল ৰঞ্জিতৰ। ৩বছৰ ধৰি গুৱাহাটীত ৰেপিড' চলাই আছিল।"
ৰেপিড' চালক ৰঞ্জিত ৰাজবংশীৰ ককায়েক সঞ্জীৱ ৰাজবংশীৰ আৰক্ষী লৈ অনুৰোধ দুৰ্ঘটনা সংঘটিত কৰা বাহন খন বিছাৰি উলিয়াই প্ৰদান কৰক শাস্তি।
- Log in to post comments