'চৰকাৰী চাকৰি পাই স্নাতক-স্নাতকোত্তৰ ডিগ্ৰীধাৰীসকলে টেবুল মচিছে, ইয়াত আমাৰ জীৱনৰ মান বাঢ়িছে নে কমিছে? এই প্ৰশ্ন সাহিত্য একাডেমী বটাঁপ্ৰাপক মনোজ কুমাৰ গোস্বামী দেৱৰ....

manoj

Manoj Kumar GoswamiNKTVৰ মুখ্যসম্পাদক, আমাৰ অসমৰ মুখ্যসম্পাদক, বিশিষ্ট কথাশিল্পী, সংবাদিক তথা সাহিত্য একাডেমী বটাঁপ্ৰাপক মনোজ কুমাৰ গোস্বামী দেৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত বৰ্তমানৰ শিক্ষা ক্ষেত্ৰক লৈ দাঙি ধৰে কিছু বক্তব্য -

তেওঁ কয় - 'বিশ্ববিদ্যালয় এখন মাঁথো ডিগ্ৰী-ডক্টৰেট বনোৱা কাৰখানা হ'ব নোৱাৰে। শ্বেইকছপীয়েৰ-এলিয়টৰ সাহিত্য পঢ়াই পঠাই দিয়া, আডাম স্মিথ -মিল্টন ফ্ৰীডমেনৰ অৰ্থনীতিৰ ব্যাখ্যা পঢ়াই পঠাই দিয়া, চাইক্লট্ৰন-ফিছন ৰিয়েকছন-ৰিলেটিভিটি থিয়ৰী বুজাই পঠিয়াই দিয়া  ল'ৰা ছোৱালীহতেঁ আজি তৃতীয় চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিৰ বাবে কিদৰে লাইন পাতিছে দেখিছেনে? ৫০০০ চাকৰিৰ বাবে ১৩ লাখ প্ৰাৰ্থী, ৰাজনীতিকে নিজৰ মতে কাম কৰিব, কিন্তু এই প্ৰাৰ্থীসকলৰ অধিকাংশই বিশ্ববিদ্যালয়ৰ স্নাতক-স্নাতকোত্তৰ ডিগ্ৰীধাৰী, কোনোবা অভিযন্তা, কোনোবা ডক্টৰেট চাকৰি পাই তেওঁলোকে চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ টেবুল মচিছে। চাহ আনি দিছে।স্কুলত ছুটিৰ ঘন্টা বজাইছেগৈ।ইয়াত বিশ্ববিদ্যালয়ৰ গৰিমা বাঢ়িছে নে কমিছে?'

Manoj Kumar Goswami

'আমাৰ জীৱনৰ মান বাঢ়িছে নে কমিছে? বিশ্ববিদ্যালয়ে সৃজনশীল চৰ্চা, প্ৰেকটিকেল চিন্তা কিয় নকৰে? কিয় বিশ্ববিদ্যালয়ে আমাৰ সমাজ-সংস্কৃতিৰ নেতৃত্ব দিব নোৱাৰে? কিয় উদ্ভাৱনী চিন্তা, সময়োপযোগী গৱেষণাৰে নতুন প্ৰজন্মক বাট দেখুৱাই নিদিয়ে? আজি ৰাজ্যত নিবনুৱা সমস্যাৰ লগতে শিক্ষাৰ পদ্ধতি মান আৰু অন্তঃসাৰশূন্যতাও ক্ৰমশ প্ৰকট হৈছে।'

Category