দুৰ্গা পূজাত মুকলি হ’বনে যোৰহাটৰ নৱনিৰ্মিত উৰণ সেতু?

majuli

কথা দি কথা ৰাখিব পাৰিবনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই? দুৰ্গা পূজাত মুকলি হ’বনে যোৰহাটৰ নৱনিৰ্মিত উৰণ সেতু? 

আগন্তুক দুৰ্গা পূজাৰ পঞ্চমীৰ দিনটোত যোৰহাটবাসীৰ বাবে উপহাৰস্বৰূপে মুকলি কৰি দিয়াৰ কথা আছিল যোৰহাট মেডিকেল কলেজৰ সন্মুখৰ এইখন উৰণ সেতু। পিছে, এতিয়াও কাম সম্পূৰ্ণ হোৱা নাই প্ৰায় ৫৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা যোৰহাটৰ দ্বিতীয়খন উৰণ সেতুৰ। 

উল্লেখযোগ্য যে, প্ৰায় ৬০০ মিটাৰ দৈঘ্যৰ এই উৰণ সেতুখনৰ লগতে ৰে’ল লাইনৰ দুয়োপাৰে প্ৰায় ৯০% কাম সম্পূৰ্ণ হৈছে যদিও ৰে’ল লাইনৰ মাজভাগৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবেই এতিয়া আগন্তুক পূজাত দ্বিতীয়খন উৰণ সেঁতু মুকলি হোৱাত আহি পৰিছে অনিশ্চয়তা। 

উৰণ সেতুখনৰ নিৰ্মাণৰ দায়িত্বত থকা অভিযন্তা আৰু বিষয়াই উল্লেখ কৰা অনুসৰি প্ৰায় ৩ মাহৰ পিছতহে সম্পূৰ্ণ হৈ উঠিব উৰণ সেতুখন।  

যদি সেয়াই সঁচা হয়, তেনেহ’লে আশাত চেঁচাপানী পৰিল যোৰহাটবাসীৰ। কিয়নো মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে সকলোৱে আশাৰে বাট চাই আছিল পূজাত মুকলি হ’বলগীয়া এই উৰণ সেতুখনলৈ। 

Category