লা-বিলাসী চুমিৰ জীৱন কিমান বিলাস? ৩ দিনত ডুবাইৰ বুৰ্জ খলিফাত ৫৭ লাখ টকা ব্যয়...

b psumi borah

আৰক্ষীক আবতৰীয়া বিহু দেখুৱাইছে নাচনী চুমি বৰাই। হয়তো আপুনি মইও সপোন দেখো চুমিৰ দৰে এটা জীৱন জীয়াবলৈ। বিলাসী জীৱন, জাক-জমকতাৰে ভৰা এখন বিয়া, নামী-দামী উপহাৰ এই সকলোবোৰ যেন কেতিয়াবা নহয় কেতিয়াবা আমিও কল্পনা কৰোঁ। হয়তো ভাবিয়ে ভাল লগা এটা সপোন। 

এই সকলো সপোন বাস্তৱলৈ পৰিণত হ'ল চুমিৰ, ট্ৰেডিং কৰি ট্ৰেণ্ডিঙ চুমী বৰা। সকলো থিকেই আছিল, কিন্তু কথাতে আছে নহয় ১০০ গৰু মাৰিলে বাঘৰো মৰণ, কথাষাৰ ফলিয়ালে চুমিৰ জীৱনত, নভবাকৈয়ে সকলোবোৰ খেলিমেলি হয় গ'ল

চুমি বৰা আৰু বিশাল ফুকনৰ কাহিনী কৈ থাকিলে ওৰ নপৰা হৈছে। পোহৰলৈ আহিছে বিশাল-চুমিৰ বিশাল সম্পত্তিৰ তালিকা। আনক ঠগি কোটি কোটি টকাৰ মালিক হোৱা বিশাল ফুকনৰ পাতি লোৱা বায়েক চুমিয়ে কটাইছিল বিলাসী জীৱন। এখন সাধাৰণ ঘৰৰ পৰা অহা চুমিৰ মাত্ৰ কেইটামান বছৰৰ ভিতৰতে সলনি হৈ পৰিছিল জীৱন। মহাঠগ বিশালৰ লগ লাগি বিশাল সাম্ৰাজ্যৰ গৰাকী হৈছিল ৰীল বনাই থকা চুমি বৰা।

উল্লেখ্য যে, ৩ দিনত ডুবাইৰ বুৰ্জ খলিফাত ৫৭ লাখ টকা ব্যয়, ১.৫কোটিৰ ছপিং। বিয়াৰ পিছতে এখন অসমীয়া ছবিৰ চুক্তি স্বাক্ষৰ কৰিবলৈ পাতি লোৱা ভায়েকৰ সৈতে ডুবাইলৈ গৈছিল তাই।  ডুবাইৰ বিশ্বৰ সৰ্বোচ্চ অট্টালিকা বুৰ্জ খালিফাত ৩ দিনৰ বাবে আছিল চুমি। আনহাতে, স্বাক্ষৰ কৰা ছবিখনৰ নাম ‘The Black Umbrella’। বুৰ্জ খলিফাত ৫৭ লাখ টকা ব্যয় কৰিছিল ৩ দিনত 

লগতে, বিশাল-চুমি কাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিছে। ডিব্ৰুগড়ৰ বৈৰাগীমঠত ২ হাজাৰ বৰ্গফুটৰ কাৰ্যালয় আছে বিশালৰ, ৮৫ লাখ টকাৰে ইন্টেৰিঅ’ৰ ডিজাইন কৰা হৈছিল কার্যালয়টোৰ, পূৰ্বাঞ্জলী এপার্টমেন্টৰ ফ্লেটটো ক্ৰয় কৰিছিল ৬৩.২৫ লাখ টকাত, ৪৪ লাখ টকা নগদ ধন হিচাপে দিছিল বিল্ডাৰক।

চুমিক বিশালে উপহাৰ দিছিল ৭৬ লাখ টকাৰ হীৰাৰ আঙঠি, জন্মদিনত উপহাৰ হিচাপে দিছিল ২ লাখ টকীয়া টেডী বীয়েৰ। লগতে, জিমত নিযুক্তি দিছিল ব্যক্তিগত সহায়ক, জিম প্ৰশিক্ষকক মাহে দিছিল ৫০ হাজাৰকৈ টকা।

গুৱাহাটীৰ নাৰেংগীত বিশালৰ আছে ডেৰ কোটিটকীয়া ফ্লেট, গুৱাহাটীৰ তৰুণ নগৰত এটা ডুপ্লেক্স ফ্লেট, ৭ কোটি টকা মূল্যৰ এই ডুপ্লেক্স ফ্লেট, মাতৃক উপহাৰ দিছিল ৩৩ লাখ টকীয়া বিলাসী বাহন। 

চুমি ডান্স একাডেমীৰ বাবদ ব্যয় কৰিছিল প্ৰায় ৩৩ লাখ টকা, ডান্স একাডেমীৰ চাউণ্ড প্রুফৰ নামত খৰছ কৰিছিল ১৫ লাখ টকা, টাইলছৰ নামত ব্যয় কৰিছিল ১০ লাখ টকা। বিশালৰ প্ৰৱঞ্চনাত জালত পৰিছিল প্ৰায় ১৫০০ লোক।
 

Category