ৰাজ্যৰ ৰাজনীতিত চৰ্চিত ‘ম’
‘ম’ ৰাজনীতিত উত্তাল ৰাজ্য
‘ম’ অবিহনে আধৰুৱা মুখ্যমন্ত্ৰীৰ ৰাজনীতি
সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক চিন্তা-ধাৰা
ভাৰতবৰ্ষৰ ৰাজনীতিত শব্দৰ সংযোজন ঘটাই নতুন ৰাজনীতি কৰা দিশটো বহু পুৰণি। এই শব্দসমূহে এক প্ৰকাৰে অক্সিজেনৰ দৰে কাম কৰে ৰাজনীতিত। ৯০ৰ দশকত বিহাৰত তেতিয়াৰ মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱে নিজৰ ভোটকেন্দ্ৰ শক্তিশালী কৰাৰ বাবে ব্যৱহাৰ কৰিছিল
MY(মুছলমান-যাদৱ) শব্দ -
বিহাৰৰ ৰাজনীতিত মুছলমান যাদৱ শব্দ ইমানে শক্তিশালী যে বিগত তিনিটা দশকে ইয়াক ব্যৱহাৰ কৰি আহিছে ৰাজনীতিবাদসমূহে। ইয়াৰ ওপৰিও ঝাৰখণ্ড মুক্তি মৰ্চা প্ৰধান শিবু ছোৰেণে নিজৰ ৰাজনৈতিক ভোট শক্তিশালী কৰাৰ বাবে ৰাজ্যৰ ৰাজনীতি সংযোজন কৰিছিল
MM(মাঝী-মুছলমান) শব্দ -
দলটোৰ এই ৰাজনৈতিক শব্দ সংযোজনৰে কেইবাবাৰো ৰাজ্যৰ শাসনভাৰ নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে ঝাৰখণ্ড মুক্তি মৰ্চা।
শব্দৰ সংযোজনৰে আৰম্ভ হৈছে ৰাজনীতি -
২০২৬ত ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। সাজু হৈছে এতিয়া শাসক–বিৰোধী। ইয়াৰ মাজতে যে ৰাজ্যৰ ৰাজনীতি সংযোজন হৈছে ‘ম’ ৰাজনীতি। শাসকীয় দল বিজেপিয়ে সঘনভাৱে ব্যৱহাৰ কৰিব লৈছে ‘মিঞা’ প্ৰসংগ।
‘মিঞা’ প্ৰসংগত সদন উত্তাল শাসক-বিৰোধীৰ-
লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈ নিৰ্বাচিত হোৱাৰ পিছৰে পৰা যেন নিদ্ৰা হৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ পিছতে সম্ভৱতঃ অনা অসমীয়া, মিঞা শব্দৰ ব্যৱহাৰ অবিহনে উজনি অসম দখল কৰা বিজেপিৰ বাবে অসম্ভৱ বুলি এনেধৰণৰ শব্দ কিছুমানেৰে চৰ্চাত ৰখা হৈছে ৰাজনীতি। এতিয়া এনেধৰণৰ ৰাজনীতিকে ২০২৪ত বিজেপি কিমান লাভৱান হ’ব সেয়া সময়ত লক্ষ্যণীয় হ’ব। কিন্তু মন কৰিবলগীয়া বিষয়টো হৈছে, শেহতীয়া সময়ত ৰাজ্যৰ ৰাজনীতি সম্পূৰ্ণৰূপে ‘মিঞা’ ৰাজনীতিক লৈ হৈছে চৰ্চা।
- Log in to post comments